ভারতীয় খেলাধূলাৰ দুনিয়াত এয়া এগৰাকী নাবালিকা শ্বুটাৰক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগৰ ফলত হোৱা এক লজ্জাজনক আৰু তীব্র চাঞ্চল্যৰ ঘটনা। ৰাষ্ট্ৰীয় ৰাইফল এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (NRAI) প্ৰশিক্ষক অংকুশ ভৰদ্বাজক নিলম্বন কৰিছে। ফৰিদাবাদত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছত এন আৰ এ আইৰ সচিব ৰাজীৱ ভাটিয়াই সংবাদ মাধ্যমৰ আগত ক’ল যে তেওঁ নৈতিক পৃষ্ঠভূমিতে নিলম্বন কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ আগলৈ তেওঁ কোনো ধৰণৰ প্ৰশিক্ষণ কাৰ্যৰত থাকিব নোৱাৰিব। ভূক্তভোগী নাবালিকা খেলুৱৈ গৰাকীৰ মতে, তেওঁ যোৱা মাহৰ কৰ্ণী সিং ৰেঞ্জত প্ৰশিক্ষণৰ সময়ে এই নিৰ্যাতনৰ স্বীকাৰ হয়। গত বছৰত ভৰদ্বাজৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল আৰু ১ জানুৱাৰীৰ পৰা তেওঁ মাতৃৰ আগত সকলো কথা প্ৰকাশ কৰে। এন আৰ এ আই অনুসৰি, ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পাছত ভৰদ্বাজক ৩৭ জনীয়া প্ৰশিক্ষক দলত অন্তর্ভুক্তি কৰিছিল। হাৰিয়ানাৰ সুৰজকুণ্ডত সংঘটিত হোৱা এই ঘটনা শ্বুটিং শিবিৰত জোকাৰণি তুলিছে। অভিযুক্ত অংকুশ ভৰদ্বাজ, যিয়ে আগতে ২০১০ চনৰ সময়ত নিষিদ্ধ ড্ৰাগছৰ বাবে ডোপিং নিষেধাজ্ঞাত পৰিছিল, বৰ্তমান আৰক্ষীৰ তদন্তৰ মাজেৰে এই সমগ্ৰ ঘটনাৰ সত্যতা পোহৰলৈ আহিব। Share this:FacebookX Related Post navigation ’৭১ৰ স্মৃতি পাহৰি বন্ধুত্বৰ নতুন অধ্যায়: বাংলাদেশে পাকিস্তানী যুদ্ধবিমানৰ চুক্তি ১০৮ কৰ্মচাৰীৰ সংকট আৰু জুবিন গাৰ্গৰ ন্যায় দাবী: মুখ্যমন্ত্ৰীক মুকলি চিঠি মানস ৰবীনৰ