অসমৰ বৌদ্ধিক তথা সাংবাদিকতাৰ জগতত এক বিশাল শূন্যতাৰ সৃষ্টি কৰি দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত ৯৭ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা চক্ৰৱৰ্তীৰ বিয়োগত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। যোৱা ১৯ ফেব্ৰুৱাৰীত উশাহ-নিশাহৰ সমস্যাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল। দেওবাৰে পুৱা ৭:৩৫ বজাত তেওঁ মৃত্যুক সাৱটি লোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে পঞ্জাবাৰীস্থিত বাসগৃহত অগণন গুণমুগ্ধৰ সমাগম ঘটে। বিয়লি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে এইগৰাকী বৰ্ষীয়ান সাংবাদিকৰ শেষকৃত্য সম্পন্ন কৰা হয়। ১৯২৮ চনত যোৰহাটৰ বালিগাঁৱত জন্মগ্ৰহণ কৰা চক্ৰৱৰ্তীয়ে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ‘আজিৰ বাতৰি’, ‘দৈনিক জনমভূমি’ আৰু ‘দৈনিক অসম’ৰ দৰে আগশাৰীৰ কাকতৰ সম্পাদক হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ ‘প্ৰাগজ্যোতিষ’ নামৰ আলোচনীখনৰ সম্পাদক হিচাপে সক্ৰিয় হৈ আছিল। মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে এইগৰাকী মহীৰূহৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। চক্ৰৱৰ্তীয়ে তেওঁৰ কৰ্মজীৱনত গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা আৰু ২০১৯ চনৰ গণৰাজ্য দিৱস সাংবাদিকতা বঁটাকে ধৰি বহু সন্মানেৰে বিভূষিত হৈছিল। তেওঁৰ বিয়োগত অসমৰ সংবাদ জগতৰ এটা উজ্জ্বল অধ্যায়ৰ সমাপ্তি ঘটিল। Share this:FacebookX Related Post navigation এবছৰৰ পিছত পুনৰ চালু আগৰতলা–ঢাকা–কলকাতা বাছ সেৱা, যাত্ৰীসকলৰ বাবে স্বস্তি গোলাঘাটত উচ্ছেদৰ আতংক: বন বিভাগৰ জাননীত ৫৯টা পৰিয়াল প্ৰভাৱিত