আজি আলি আঃয়ে লৃগাং। এই উৎসৱ পালন কৰিবলৈ ইতিমধ্য়ে মিচিংলোকসকলৰ মাজত সম্পন্ন হৈছে সকলো প্ৰস্তুতি। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত আলি আঃয়ে লৃগাং পালন কৰা হয়।গুমৰাগ নৃত্য, ঐনিতমৰ সুৰেৰে মুখৰিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। তথ্য অনুসৰি, প্ৰথম অৱস্থাত এই উৎসৱ ফাগুন, চ’ত বা বহাগ মাহৰ কোনো এটা দিনত পালন কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ বাবে এটা বিশেষ দিন নিৰ্ধাৰণ কৰা হৈছিল।আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজ-ভাত খাই নানান নৃত্য-গীত কৰে।বিশ্বাস অনুসৰি, শস্য সিঁচিবিলৈ যাওঁতে গৃহস্থই লগ ঘিলা আৰু শিলগুটি লৈ যায়। তেওঁলোকে কামনা কৰে যে ধানৰ থোক ঘিলাৰ চেইনৰ দৰে দীঘল আৰি শিলৰ দৰে গধুৰ হওক। শস্য সিঁচাৰ পাছত কেইদিমান তেওঁলোকে মাটি নাখান্দে,বাঁহ-বেত, খেৰ-খাগৰি আদি নাকাটে, ভজা-পোৰা নাখায়।

Leave a Reply

Your email address will not be published. Required fields are marked *