জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই আজি গ্ৰাহকৰ বাবে ই ভিৰ মালিকীস্বত্ব সহজ আৰু অবিৰত কৰি তোলাৰ লক্ষ্যৰে উদ্যোগৰ ভিতৰতে প্ৰথম পদক্ষেপ গ্ৰহণৰ ঘোষণা কৰিছে। বৰ্তমানৰ পৰা পূৰ্বৰ ৩ বছৰৰ পৰিৱৰ্তে ৫ বছৰলৈ এশ্ব্যুৰেড বাই বেক আগবঢ়োৱা দেশৰ প্ৰথমটো গাড়ী প্ৰতিষ্ঠানত পৰিণত হৈছে জে এছ ডব্লিউ এম জি মটৰ। এই আঁচনিয়ে নিৰ্দিষ্ট সময়ৰ শেষত নিৰ্ধাৰিত পুনৰ বিক্ৰী দামৰ নিশ্চিতি প্ৰদানেৰে ব্যৱহাৰকাৰীসকলৰ আস্থাক শক্তিশালী কৰে*। এই নতুন, অনন্য আঁচনিৰ জৰিয়তে এম জি ইভিৰ মালিকসকলে বাছনি কৰা পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰি ৩, ৪ বা ৫ বছৰৰ পিছত নিশ্চিত পুনৰ বিক্ৰী মূল্য লাভ কৰিব পাৰে।* এই আঁচনি এম জি মটৰৰ বৰ্তমানৰ অফাৰ ভিত্তিক, যি মালিকীস্বত্বৰ ৩ বছৰৰ পিছত ৬০% বাই-বেক মূল্যৰ নিশ্চিতি দিয়ে। ই যিকোনো ঋণ বা বিত্তীয় আঁচনিৰ পৰা স্বতন্ত্ৰভাৱে কাম কৰে। দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিক এম জি জেড এছ ইভিৰ গৰাকী ৩ বছৰলৈকে বা বছৰি ৬০,০০০ টকাপৰ্যন্ত মাইলেজ থকা বাহনৰ বাবে পুনৰ বিক্ৰী মূল্যৰ সুবিধাৰ বাবে যোগ্য। এই উদ্ভাৱনীমূলক বাইবেক কাৰ্যসূচীৰ বিষয়ে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অনুৰাগ মেহৰোত্ৰাই কয়- “গ্ৰাহককেন্দ্ৰিক ব্ৰেণ্ড হিচাপে এম জিয়ে সদায় বি এ এ এছ (বেটাৰী এজ এ ছাৰ্ভিচ), ইভি বেটাৰীৰ ওপৰত জীৱনকালীন ৱাৰেণ্টীৰ দৰে পদক্ষেপ প্ৰৱৰ্তন কৰি আহিছে৷ যি ইভিৰ মালিকীস্বত্বক এক আনন্দদায়ক গতিশীলতাৰ অভিজ্ঞতা কৰি তোলে।পুনৰ বিক্ৰীৰ মূল্য বিবেচনা কৰা বহু গ্ৰাহকৰ বাবে এটা মূল বিবেচনা হৈ আহিছে৷ জুনো জেনেৰেল ইনশ্বুৰেন্সৰ সৈতে অংশীদাৰিত্বৰে লকটন ইণ্ডিয়া ইনশ্বুৰেন্স ব্ৰকিং এণ্ড এডভাইজাৰী লিমিটেডে আমাৰ উদ্যোগৰ প্ৰথম এম জি ভেল্যু প্ৰমিজ প্ৰগ্ৰেম (এশ্বুৰেড বাইবেক)ৰ জৰিয়তে আমি এমজি ইভিৰ মালিকসকলক সম্পূৰ্ণ মানসিক শান্তি দিবলৈ চেষ্টা কৰিছোঁ কাৰণ আমি এতিয়া এশ্বুৰেড পুনৰ বিক্ৰয় মূল্য আগবঢ়াইছোঁ, য’ত এজন গ্ৰাহকে ৩ বছৰৰ পৰা ৫ বছৰ কাল বাছি লোৱাৰ বিকল্প আছে৷ ক্ৰেতাৰ বাবে এটা ডাঙৰ চিন্তা দূৰ কৰাৰ লগে বৈদ্যুতিক গতিশীলতাৰ ওপৰত অধিক আস্থা গঢ়ি তুলি ভাৰতৰ ইভি বজাৰ সম্প্ৰসাৰণৰ বাবে আমি চেষ্টা কৰিছোঁ৷” এই কাৰ্যসূচীয়ে গ্ৰাহকৰ বাবে কেইবাটাও মূল সুবিধা বহন কৰিছে। ইভিৰ শাখাত ই ভাৰতৰ প্ৰথম আঁচনি আৰু এয়া কোনো বিত্তীয় বা ঋণ কাৰ্যসূচীৰ সৈতে জড়িত নহয়। এই আঁচনিয়ে দাম হ্ৰাসৰ আশংকা নাশ কৰাত সহায় কৰে আৰু নতুন এম জি মডেললৈ উন্নীত কৰাটো বহুত সহজ কৰি তোলে৷ যাৰ ফলত তেওঁলোকে নতুন এম জি বাহন ধৰি ৰাখিব, ঘূৰাই দিব বা উন্নীত কৰিব নে বাছি ল’ব সেই সিদ্ধান্ত ল’ব পাৰে। ব্যৱহাৰৰ পিছত গ্ৰাহকে নিজৰ বাহনখন ধৰি ৰখা, ঘূৰাই গিয়া বা বিনিময় কৰাৰ বিকল্প থাকিব। মূল্য হ্ৰাসৰ চিন্তা নাশ কৰি কৰি এই কাৰ্যসূচী ক্ৰেতাৰ আস্থা বৃদ্ধি আৰু সমগ্ৰ ভাৰতত ইভি গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ডিজাইন কৰা হৈছে। তাৰোপৰি ই অধিক আৰ্থিক নিৰ্ভৰশীলতা, সুবিধা আৰু দীৰ্ঘম্যাদী মানসিক শান্তি প্ৰদান কৰে। Share this:FacebookX Related Post navigation মৃত্যুৰ পূৰ্বেই নিজৰ সমাধি নিৰ্মাণ এগৰাকী অশীতিপৰ বৃদ্ধৰ অসমত হিজবুল মুজাহিদিনৰ মডিউল গঢ়াৰ অপৰাধঃ কামৰুজ জামানক যাৱজ্জীৱন কাৰাদণ্ড