মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে সোমবাৰে সমসাময়িক ষ্টাইল, অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আৰামদায়ক বাহন চলোৱাৰ সুবিধাৰ্থে উন্নীতকৃত ভেৰিয়েণ্ট সম্পূৰ্ণ কৰি নতুন বলেৰো ৰেঞ্জ মুকলি কৰিছে। নতুন বলেৰোৰ মূল্য ৭.৯৯ লাখৰ পৰা ৯.৬৯ লাখ টকাৰ ভিতৰত (এক্স-শ্ব’ৰুম), আনহাতে বলেৰো নিঅ’ ৰেঞ্জৰ মূল্য ৮.৪৯ লাখ টকাৰ পৰা আৰম্ভ হৈ টপ এণ্ড এন১১ ভেৰিয়েণ্টৰ বাবে ৯.৯৯ লাখ টকাৰ ভিতৰত উপলব্ধ হ’ব।

নতুন বলেৰোত আছে শক্তিশালী গ্ৰীল, ডাইমণ্ড কাট এলয় হুইল আৰু নতুন ষ্টেলথ ব্লেক ৰঙৰ বিকল্প। ইণ্টেৰিঅ’ৰসমূহ লেডাৰেট আপহলষ্টৰী(চাউনি), এটা ১৭.৮ চে.মি. টাচচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম আৰু ষ্টিয়াৰিং-মাউণ্টেড অডিঅ’ কন্ট্ৰ’ল সন্নিৱিষ্ট কৰি উন্নীত কৰা হৈছে। বোলেৰো নিঅ’ই নগৰীয়া কৌশলগততাক পৰিপূৰ্ণ ৰগড এছইউভি সামৰ্থ্যৰ সৈতে সংযুক্ত কৰিছে, নতুন ইণ্টেৰিঅ’ৰ থিম, ৰিয়েৰ-ভিউ কেমেৰাৰ সৈতে ২২.৮ চে.মি. ইনফ’টেইনমেণ্ট ডিছপ্লে, আৰু উচ্চমানৰ হেণ্ডলিঙৰ বাবে এমটিভি-চিএল আৰু এফডিডি ছাচপেনচনৰ সৈতে ৰাইডফ্ল’ টেক প্ৰদান কৰিছে। দুয়োটা মডেলেই মহিন্দ্ৰাৰ চিগনেচাৰ এমহ’ক ইঞ্জিন আৰু বদী-অন-ফ্ৰেম ৰূপত প্ৰস্তুত অব্যাহত ৰাখিছে, যিয়ে বিভিন্ন ভূখণ্ডৰ ৰাজপথত স্থায়িত্ব আৰু প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি দিছে।মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ চিইঅ’ (অটোমোটিভ ডিভিজন) নলিনীকান্ত গোলাগুণ্টাই এই বিষয়ে কয় যে, “নতুন বলেৰো ৰেঞ্জক এক গতিশীল আৰু দ্ৰুতগতিত বিকশিত হোৱা নতুন ভাৰতৰ আকাংক্ষা পূৰণ কৰিবলৈ চিন্তাশীলভাৱে ডিজাইন কৰা হৈছে, যিয়ে চহৰ আৰু গ্ৰাম্য ক্ৰেতাসকলৰ বাবে একেধৰণে কঠিনতা, ষ্টাইল আৰু আধুনিক বৈশিষ্ট্য প্ৰদান কৰে।”

ডিলাৰশ্বিপসমূহে বিশেষকৈ টপ-এণ্ড বি৮ আৰু এন১১ ভেৰিয়েন্টৰ প্ৰবল আগ্ৰহৰ কথা প্ৰকাশ কৰিছে, কাৰণ চহৰৰ ক্ৰেতাসকলে আৰাম, শৈলী আৰু অফ-ৰোড ক্ষমতা সকলো থকা এছ ইউভি বিচাৰে। ডিলাৰসমূহে উৎসৱৰ বতৰত বুকিঙৰ উত্থানৰ আশা কৰিছে, যিয়ে উত্তৰ-পূবৰ বজাৰসমূহত বাহনখনৰ ক্ৰমাৎ বৰ্ধিত আবেদনক প্ৰতিফলিত কৰিছে। ২৫ বছৰতকৈও অধিক সময়ৰ উত্তৰাধিকাৰ আৰু ১৬ লাখ সন্তুষ্ট গ্ৰাহকৰ সৈতে বলেৰোখন সমগ্ৰ ভাৰতৰ পৰিয়াল, উদ্যোগী আৰু গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে এক বিশ্বাসযোগ্য এছইউভি হৈয়েই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *