সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীয়ে বিচাৰিছে আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়নেল মেছিয়ে ফিফা বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰক। কিন্তু বিশ্বকাপ খেলাৰ ক্ষেত্ৰত মেছি নিজেই স্পষ্ট নহয়। লিয়নেল মেছিয়ে বিশ্বাস কৰে যে ফিফা বিশ্বকাপত তেওঁৰ অংশগ্ৰহণ নিৰ্ভৰ কৰে অহা বছৰৰ ইণ্টাৰ মিয়ামীৰ প্ৰি-ছিজন প্ৰস্তুতিৰ ওপৰত। বিশ্বকাপৰ দলত থকাটো সদায় এক ডাঙৰ অভিজ্ঞতা। এইবাৰ বিশেষ কাৰণ আমি খিতাপ ৰক্ষা কৰিব লাগিব। বিশ্বকাপৰ বাবে আগ্ৰহেৰে বাট চাই আছো।

আশাকৰোঁ ভগৱানে মোক আৰু এটা সুযোগ দিব। ৩৭ বছৰীয়া মেছিয়ে পেছাদাৰী ফুটবলৰ বাবে আমেৰিকাৰ এম এল এছলৈ গৈছে। এম এল এছৰ ফুটবলৰ স্তৰ ইউৰোপৰ সৈতে তুলনাযোগ্য নহয়, আৰু ইয়াৰ প্ৰভাৱ খেলুৱৈজনৰ ওপৰত পৰাটো নিশ্চিত। মেছি সম্পূৰ্ণ ফিট আৰু ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছে। ইয়াৰ পিছতো তেওঁ নিজৰ ফিটনেছ আৰু প্ৰস্তুতিৰ ওপৰত ভিত্তি কৰি বিশ্বকাপ খেলাৰ চূড়ান্ত সিদ্ধান্ত ল’ব। মেছিয়ে ২০২২ চনৰ বিশ্বকাপত আৰ্জেণ্টিনাক নেতৃত্ব দিছিল।ফ্ৰান্সক পৰাস্ত কৰি আৰ্জেণ্টিনা চেম্পিয়ন হয়।

কাটাৰত খেলা যোৱা বিশ্বকাপত মেছিয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল, প্ৰতিখন নকআউট মেচতে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছিল। ফাইনেলত হেঁচা পৰিহাৰ কৰি তেওঁ নিজৰ দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। মেছিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বাবে গোল্ডেন বলৰ সন্মান লাভ কৰে। আৰ্জেণ্টিনাই নিশ্চিতভাৱে বিচাৰিব যে নিজৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈয়ে নিজৰ দেশৰ বাবে বিশ্বকাপৰ জাৰ্চি শেষবাৰৰ বাবে পিন্ধক। আৰ্জেণ্টিনাৰ হৈ ১৯৫খন খেলত ১১৪টা গ’ল দিছে মেছিয়ে। সৰ্বকালৰ সৰ্বকালৰ গ’লদাতাৰ তালিকাত তেওঁ ৰোনাল্ডোৰ পিছতে দ্বিতীয় স্থানত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *