জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশা দক্ষিণ কাশ্মীৰৰ বিজবেহাৰাৰ শ্ৰীগুফৱাৰা অঞ্চলত এটা নাহৰফুটুকী বাঘে ৫ বছৰীয়া এগৰাকী কন্যাক আক্ৰমণ কৰি হত্যা কৰে। জানিব পৰা মতে, নিজৰ ঘৰৰ বাহিৰত থকা অৱস্থাতে বনৰীয়া জন্তুটোৱে শিশুটিৰ ওপৰত জপিয়াই পৰে আৰু শিশুটিক দাঁতিৰ জোপোহাৰ মাজলৈ টানি লৈ যায়। ঘটনাৰ পাছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তালাচী অভিযান চলায় যদিও কিছু সময়ৰ পাছত শিশুটিৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয়। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে জনোৱা মতে, অঞ্চলটোত বনৰীয়া জন্তুৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে। পিডিপি নেত্ৰী ইলটিজা মুফতীয়ে বৃহস্পতিবাৰে ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। যোৱা বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মুফতীয়ে কয় যে অঞ্চলটোত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰতি চৰকাৰে বিশেষ দৃষ্টি দিয়া উচিত। বন বিভাগে ইতিমধ্যে অঞ্চলটোত নাহৰফুটুকীটো ধৰিবলৈ পিঞ্জৰা স্থাপনৰ ব্যৱস্থা কৰিছে। Share this:FacebookX Related Post navigation গুৱাহাটীত এৰিছ লাইফচাইন্সেছে আয়োজন কৰে আইঅ’এচিঅ’এন ৱাকাথন ২০২৫ দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী! উদ্বোধন হ’ব ৪ হাজাৰ কোটিটকীয়া বিমান বন্দৰ