লাভা ইণ্টাৰনেচনেল লিমিটেডে মুকলি কৰিলে শেহতীয়া ধ্বাজাবাহী স্মাৰ্টফোন অগ্নি ৩, য’ত আছে ছেগমেণ্ট-প্ৰথম ডুৱেল এমল্ড ডিছপ্লে আৰু মিডিয়াটেকৰ ডাইমেনচিটী ৭৩০০এক্স প্ৰচেছৰ। ১৯,৯৯৯ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ অগ্নি ৩ত আছে শক্তিশালী কেমেৰাৰ বৈশিষ্ট্য, এটা অনুকূলিত কৰিব পৰা একচন কি, লগতে ফোনটোৱে দীৰ্ঘম্যাদী চফ্টৱেৰ আপডেটৰ প্ৰতিশ্ৰুতিৰে এক উচ্চ মানদণ্ডৰ ব্যৱহাৰকাৰী অভিজ্ঞতা প্ৰদান কৰিছে। এই স্মাৰ্টফোনটোত অপ্টিকেল ইমেজ ষ্টেবিলাইজেচন(অ’আইএছ)ৰ সৈতে ৫০ মেগাপিক্সেল চনী কোৱাড-বেয়াৰ প্ৰাইমেৰী কেমেৰা, ৩গুণ অপ্টিকেল জুম কৰিব পৰা ৮ মেগাপিক্সেল টেলিফটো লেন্স আৰু ৮ মেগাপিক্সেল আল্ট্ৰাৱাইড কেমেৰা আছে। ইয়াত দ্বৈত এমল্ড ডিচপ্লেও আছে – সন্মুখত এটা আৰু দ্ৰুত কাৰ্য আৰু অধিসূচনাৰ বাবে এটা সৰু পিছফালৰ ডিচপ্লে। লাভাই নিজৰ “অগ্নি শপত” পদক্ষেপৰ অধীনত ৩টা এণ্ড্ৰইড আপগ্ৰেড আৰু ৪ বছৰৰ সুৰক্ষা আপডেটৰ নিশ্চয়তা দিয়ে। তিনিটা প্ৰকাৰত উপলব্ধ স্মাৰ্টফোনটো ৯ অক্টোবৰৰ পৰা আমাজনত বিক্ৰীৰ বাবে উপলব্ধ হ’ব। অগ্নি ৩-ৰ মুকলিৰ লগে লগে গুৱাহাটীত প্ৰযুক্তিৰ প্ৰতি সচেতনসকলক উৎসাহিত কৰিছে, মহানগৰীতো উচ্চ-স্তৰৰ স্পেচিফিকেশ্বন থকা প্ৰিমিয়াম স্মাৰ্টফোনৰ চাহিদা বৃদ্ধি পাইছে। স্থানীয় ৰিটেইলাৰসকলে ফেষ্টিভ ছিজনত অধিক বিক্ৰীৰ আশা কৰে, ক্ৰেতাসকলেও সুলভ অথচ বিশেষত্বৰে সমৃদ্ধ সঁজুলি বিচাৰি থাকে। আমাজনৰ দৰে প্লেটফৰ্মত একচেটিয়া অনলাইন লেনদেনৰ সুবিধাই প্ৰতিযোগিতামূলক বজাৰত দৃশ্যমানতা অধিক বৃদ্ধি কৰিব।লাভাৰ অগ্নি ৩-এ স্মাৰ্টফোন ব্যৱহাৰৰ অভিজ্ঞতাক ন ৰূপত নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে, যিয়ে প্ৰতিযোগিতামূলক মূল্যত ধ্বজাবাহী অত্যাধুনিক সুবিধাসমূহ প্ৰদান কৰিব। Share this:FacebookX Related Post navigation এমএমটিচি-পিএএমপিয়ে ‘উত্তৰ-পূব ভাৰতলৈ গেটৱে’ত ইয়াৰ প্ৰথম একচেটিয়া দোকান মুকলি কৰিছে নিছান মটৰ ইণ্ডিয়াই নতুন নিছান মাগনিট মুকলি কৰিছে