ভাৰতীয় চিত্ৰকলাৰ ইতিহাসত এক নতুন অভিলেখ স্থাপন কৰি ১৬৭.২ কোটি টকাত বিক্ৰী হ’ল কিংবদন্তি শিল্পী ৰাজা ৰবি বাৰ্মাৰ তৈলচিত্ৰ ‘যশোদা আৰু কৃষ্ণ’। বুধবাৰে মুম্বাইত অনুষ্ঠিত ‘চেফ্ৰন আৰ্ট’ৰ বসন্তকালীন নিলামত এই বিৰল শিল্পকৰ্মটো ক্ৰয় কৰে দেশৰ প্ৰখ্যাত উদ্যোগপতি তথা ‘চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া’ৰ প্ৰতিষ্ঠাপক চাইৰাছ পুনাৱালাই। ১৮৯০ চনৰ দশকত অংকিত এই চিত্ৰখনে এম এফ হুছেইনৰ ‘গ্ৰাম যাত্ৰা’ৰ পূৰ্বৰ ১১৮ কোটি টকীয়া অভিলেখ ভংগ কৰিছে। নিলাম কেন্দ্ৰৰ তথ্য অনুসৰি, চিত্ৰখনৰ মূল্য ৮০ৰ পৰা ১২০ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও প্ৰচণ্ড প্ৰতিযোগিতাৰ অন্তত ইয়াৰ মূল্য প্ৰায় দুগুণলৈ বৃদ্ধি পায়। শিল্পকৰ্মটো ক্ৰয় কৰি পুনাৱালাই সংবাদ মাধ্যমৰ আগত কয়, “এই ৰাষ্ট্ৰীয় সম্পদ সংগ্ৰহ কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱ আৰু কৰ্তব্যৰ দৰে। এই চিত্ৰভাগ মাজে মাজে জনসাধাৰণৰ দৰ্শনৰ বাবে উপলব্ধ কৰাবলৈ মই চেষ্টা কৰিম।” ১৮৪৮ চনত ত্ৰিবাংকুৰৰ এক অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাজা ৰবি বাৰ্মাক ভাৰতীয় আধুনিক কলাৰ পথপ্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। ইউৰোপীয় শৈলীৰ সৈতে ভাৰতীয় পৌৰাণিক আখ্যানৰ যি অপূৰ্ব মিশ্ৰণ তেওঁ কৰিছিল, তাৰেই এক উৎকৃষ্ট নিদৰ্শন হ’ল ‘যশোদা আৰু কৃষ্ণ’। এই চিত্ৰত মাতৃ যশোদাই গাই খীৰাই থকাৰ সময়ত শিশু কৃষ্ণই পিছফালৰ পৰা গাখীৰৰ পাত্ৰলৈ হাত মেলা এক মৰ্মস্পৰ্শী দৃশ্য অংকন কৰা হৈছে। শিল্পকলাক কেৱল উচ্চবৰ্ণৰ মাজতে আৱদ্ধ নাৰাখি ১৮৯৪ চনত বাৰ্মাই এটা ছপাশাল স্থাপন কৰিছিল, যাৰ জৰিয়তে অতি কম মূল্যত সাধাৰণ ৰাইজৰ ঘৰে ঘৰে দেৱ-দেৱীৰ ছবিসমূহ উপলব্ধ হৈছিল। দিল্লীৰ এজন ব্যক্তিগত সংগ্ৰাহকৰ ওচৰত থকা এই অমূল্য চিত্ৰখন নিলাম হোৱাৰ পাছত এতিয়া সমগ্ৰ দেশৰ কলা অনুৰাগীসকলৰ মাজত উৎসুকতাৰ সৃষ্টি হৈছে। ভাৰতীয় চিত্ৰকলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই বিশেষ মৰ্যাদাই দেশৰ কলাজগতলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনিছে। Share this:FacebookX Related Post navigation চাৰি মাহৰ ভিতৰত সমাধান হ’ব হাতী-মানুহৰ সংঘা পলাশবাৰীত গাডকাৰীৰ উপস্থিতিত হিমংশু শেখৰ বৈশ্যৰ ঘোষণা ২০২৬ চনৰ মাৰ্চ মাহত নিছান মটৰ ইণ্ডিয়াৰ ঘৰুৱা বিক্ৰী বৃদ্ধি ৯৮%