নিৰ্বাচনী যুঁজত জয়ী হ’লে অহা চাৰিৰ পৰা পাঁচ মাহৰ ভিতৰত পলাশবাৰী আৰু ৰাণী অঞ্চলৰ হাতী-মানুহৰ সংঘাত চিৰদিনৰ বাবে দূৰ কৰা হ’ব। বৃহস্পতিবাৰে ২৯ নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাণীত এক বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ এই ঘোষণা কৰে বিজেপি প্ৰাৰ্থী হিমংশু শেখৰ বৈশ্যই। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত হাজাৰ হাজাৰ সমৰ্থকৰ মাজত তেওঁ সমষ্টিটোৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। নিৰ্বাচনী মঞ্চৰ পৰাই নিজৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী পংকজ লোচন গোস্বামীক সাৱধানবাণী শুনাই বৈশ্যই কয়, “মই ব্যক্তিগত আক্ৰমণৰ ৰাজনীতিত বিশ্বাস নকৰোঁ। কিন্তু প্ৰতিপক্ষই যদি মোৰ বিৰুদ্ধে ব্যক্তিগত মন্তব্য কৰে, তেন্তে মই তাৰ উচিত প্ৰত্যুত্তৰ দিম আৰু প্ৰয়োজন হ’লে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো কুণ্ঠাবোধ নকৰোঁ।” বিজেপিৰ নিৰ্বাচনী চিহ্নত ভোট দি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ তেওঁ ৰাইজক বিনম্ৰ আহ্বান জনায়। প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০১৪ চনৰ পৰা দেশত হোৱা আন্তঃগাঁথনিমূলক উন্নয়নৰ খতিয়ান দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ কয়, “অহা তিনি বছৰৰ ভিতৰত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কৰি তোলা হ’ব। দেশৰ সৰ্বাংগীণ বিকাশৰ বাবে বিজেপিক এক শক্তিশালী জনদেশ দিয়াটো অত্যন্ত জৰুৰী।” পলাশবাৰী সমষ্টিত বিজেপিৰ প্ৰচাৰ তুংগত তুলিবলৈ অহা কেইদিনমানত কেইবাগৰাকীও হেভিৱেট নেতা উপস্থিত হ’ব। ৩ এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে শুৱালকুছিত আৰু ৫ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰামপুৰ খেলপথাৰত নিৰ্বাচনী সভাক সম্বোধন কৰিব। ইয়াৰ উপৰি ৬ এপ্ৰিলত বৰডুৱা চাহ বাগিচাত মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই জানিবলৈ দিছে। Share this:FacebookX Related Post navigation কবৰস্থানত চিলিণ্ডাৰৰ ক’লা বজাৰ; হায়দৰাবাদত আৰক্ষীৰ বৃহৎ অভিযানত ৪১৪ টা চিলিণ্ডাৰ জব্দ ৰাজা ৰবি বাৰ্মাৰ চিত্ৰকলাই গঢ়িলে নতুন অভিলেখ; ১৬৭.২ কোটি টকাত বিক্ৰী তৈলচিত্ৰ ‘যশোদা আৰু কৃষ্ণ’