অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পুনৰবাৰ ৰাজ্যত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে সন্ধিয়া বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশাটো কটোৱাৰ বাবে কইনাধৰালৈ ৰাওনা হয়। পশ্চিমবংগৰ কোচবিহাৰত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি বিমানযোগে অসমত উপস্থিত হোৱা মোদীয়ে সোমবাৰে ৰাজ্যৰ তিনিটা গুৰুত্বপূৰ্ণ স্থানত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব।

প্ৰধানমন্ত্ৰীগৰাকীৰ ৬ এপ্ৰিলৰ কাৰ্যসূচী অনুসৰি মৰাণৰ প’ল’ ক্লাবৰ খেলপথাৰত প্ৰথমখন বিশাল জনসভা অনুষ্ঠিত হ’ব। ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সমষ্টিসমূহক সামৰি আয়োজন কৰা এই সভাত সোণাৰি, মাহমৰা, নাজিৰা, খোৱাং, টিংখাং, নাহৰকটীয়া, দুলীয়াজান, চাবুৱা-লাহোৱাল আৰু ডিব্ৰুগড় সমষ্টিৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে উজনি অসমৰ ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

আনহাতে, প্ৰায় ১০ বছৰৰ বিৰতিৰ পাছত নিৰ্বাচনী প্ৰচাৰৰ বাবে বৰপেটাৰোডত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। বৰপেটাৰোড মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই জনসভাই বজালী, বৰপেটা, ভৱানীপুৰ-সৰভোগ, মানাহ, বিজনী, অভয়াপুৰী আৰু বঙাইগাঁও সমষ্টিৰ ৰাজনৈতিক সমীকৰণত প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। প্ৰায় এক লাখ জনতাৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই সভাক লৈ এতিয়া সমগ্ৰ নামনি অসমতে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।

ইয়াৰ পাছতেই দিনৰ প্ৰায় ১ বজাত হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত উপস্থিত হোৱাৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। হোজাই, লামডিং, বিন্নাকান্দি, ৰংখাং আৰু হাফলং বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত মোদীয়ে ইয়াতে এক বিশাল জনসভাক সম্বোধন কৰিব। উল্লেখ্য যে, বিগত ১ এপ্ৰিলত গোগামুখ আৰু বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বিতীয়টো অসম ভ্ৰমণ। ৭ এপ্ৰিলৰ বিয়লি ৫ বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ ঠিক এদিন পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই মাৰাথান প্ৰচাৰে ৰাজ্যৰ নিৰ্বাচনী পৰিৱেশক নতুন মাত্ৰা প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *