এছিয়া কাপ ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিযোগিতাৰ সূচী অনুসাৰে ভাৰত আৰু পাকিস্তান তিনিবাৰ মুখামুখি হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছিল। ইতিমধ্যে দুয়োটা দলেই চলিত প্ৰতিযোগিতাত দুবাৰ পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হৈছে। এতিয়া সম্ভাৱনাৰ দৰেই আজি তৃতীয় তথা চূড়ান্ত মেচখনত অৱতীৰ্ণ হ’ব দল দুটা।দুই চুবুৰীয়া ক্ৰিকেট শক্তি ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব এই খিতাপ যুঁজত। সাধাৰণতেই ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট মেচ বুলিলে সমগ্ৰ ক্ৰিকেট বিশ্বত এক বিশেষ উন্মাদনা দেখা যায়। দুয়ো দেশৰ ক্ৰিকেট অনুৰাগীসকলক এই মেচৰ উন্মাদনাই বাৰুকৈয়ে স্পৰ্শ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *