আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতে এতিয়া লৈছে এক ভয়ংকৰ যুদ্ধৰ ৰূপ। হৰমুজ প্ৰণালী মুকলি নকৰিলে ড’নাল্ড ট্ৰাম্পে যি তীব্ৰ ভাবুকি প্ৰদান কৰিছিল, তাৰ পাছতেই দেওবাৰে তেহৰানে ইয়াৰ কঠোৰ প্ৰত্যুত্তৰ দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ দেশক জীয়াই জীয়াই নৰকলৈ ঠেলি দিয়াৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যতে এক বৃহৎ সংকটৰ সৃষ্টি কৰিছে বুলি এক চৰম সকীয়নী প্ৰদান কৰে ইৰানে।

ট্ৰাম্পৰ অপমানজনক মন্তব্যৰ পাছতেই ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ-বগেৰ গালিবফে ছচিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এনে দায়িত্বহীন পদক্ষেপে প্ৰতিটো আমেৰিকান পৰিয়ালকে বিপদৰ মুখলৈ ঠেলি দিছে। তেওঁ অভিযোগ কৰে যে নেতান্যাহুৰ নিৰ্দেশ পালন কৰিবলৈ গৈ ট্ৰাম্পে সমগ্ৰ অঞ্চলটোকে যুদ্ধৰ জুইত দগ্ধ কৰিব বিচাৰিছে। যুদ্ধাপৰাধ কৰি একোৱেই লাভ কৰিব নোৱাৰি বুলিও স্পষ্ট কৰি দিয়ে গালিবফে।

ইপিনে, ইয়াৰ পূৰ্বে ট্ৰাম্পে ইৰানক ৬ এপ্ৰিলৰ সময়সীমা বান্ধি দি এক বিস্ফোৰক ভাবুকি দিছিল। কোনো চুক্তিত আৱদ্ধ নহ’লে বা হৰমুজ প্ৰণালী মুকলি নকৰিলে ইৰানৰ বিদ্যুৎ কেন্দ্ৰ আৰু দলংসমূহৰ ওপৰত আক্ৰমণ চলোৱা হ’ব বুলি সঁকিয়াই দিছিল ট্ৰাম্পে।ছচিয়েল মিডিয়া একাউণ্টত ট্ৰাম্পে লিখিছিল, “মঙলবাৰে ইৰানত পাৱাৰ প্লেণ্ট দিৱস আৰু ব্ৰীজ দিৱস একেলগে পালন কৰিব আমেৰিকাই। হৰমুজ মুকলি কৰি দিয়া, নহ’লে নৰকলৈ যোৱা।”

ট্ৰাম্পৰ এনে কিশোৰ সুলভ আচৰণ আৰু গালি-গালাজক লৈ থাইলেণ্ডস্থিত ইৰানৰ দূতাবাসেও তীক্ষ্ণ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দূতাবাসৰ তৰফৰ পৰা কোৱা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এনে আচৰণৰ পৰা প্রতীয়মান হয় যে দেশখন আশা কৰাতকৈ বহু আগতেই ‘শিলৰ যুগত’ ভৰি দিছে। ইৰানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বগাই ট্ৰাম্পৰ এই ধমকিক যুদ্ধাপৰাধৰ উচতনি আৰু মানৱতাৰ বিৰুদ্ধে কৰা এক অপৰাধ বুলি অভিহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *