মাওবাদী মুক্ত দেশৰ লক্ষ্যৰে কেন্দ্ৰই বান্ধি দিয়া সময়সীমাৰ ঠিক পূৰ্বে অন্ধ্ৰপ্ৰদেশত অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতলৈ উভতিল কুখ্যাত মাওবাদী কেডাৰ। সোমবাৰে মাওবাদীৰ কেন্দ্ৰীয় কমিটীৰ সদস্য তথা অন্ধ্ৰ-ওড়িশা বৰ্ডাৰ স্পেচিয়েল জ’নেল কমিটীৰ সম্পাদক চেল্লুৰী নাৰায়ণ ৰাও ওৰফে সুৰেশে আন ৮ জন সতীৰ্থৰ সৈতে আত্মসমৰ্পণ কৰে। কেন্দ্ৰীয় চৰকাৰে মাওবাদী নিৰ্মূলৰ বাবে বান্ধি দিয়া ৩১ মাৰ্চৰ সময়সীমাৰ মাত্ৰ এদিন পূৰ্বে হোৱা এই পদক্ষেপে মাওবাদী বিৰোধী অভিযানত এক বিশেষ তাৎপৰ্য বহন কৰিছে। বিগত ৩৬ বছৰ ধৰি আত্মগোপন কৰি থকা নাৰায়ণ ৰাওৱে শ্ৰীকাকুলাম জিলাৰ পেডাভাংকা গাঁৱৰ পৰা গৈ ১৯৯০ চনত মাওবাদী সংগঠনত যোগ দিছিল। তেওঁৰ বিৰুদ্ধে ২০১৮ চনত প্ৰাক্তন বিধায়ক কিদাৰী সৰ্বেশ্বৰ ৰাও আৰু চিভেৰী সোমেশ্বৰ ৰাওক হত্যা কৰাৰ গুৰুতৰ অভিযোগ আছে। মংগলগিৰিত আৰক্ষী সঞ্চালক প্ৰধান হৰিশ কুমাৰ গুপ্তাৰ ওচৰত তেওঁলোকে নিজৰ অস্ত্ৰশস্ত্ৰ ত্যাগ কৰি এতিয়া সমাজৰ মূলসূঁতিত ভৰি দিছে। সংবাদ মাধ্যমৰ আগত আত্মসমৰ্পণ কৰাৰ কাৰণ দৰ্শাই নাৰায়ণ ৰাওৱে কয়, “শীৰ্ষ পৰ্যায়ৰ একাংশ নেতাৰ মৃত্যু আৰু জ্যেষ্ঠ কেডাৰসকলৰ গ্ৰেপ্তাৰৰ বাবে বৰ্তমান মাওবাদী আন্দোলন ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। এই আন্দোলনে এতিয়া স্থানীয় জনসাধাৰণৰ সমৰ্থন হেৰুৱাইছে আৰু দলত নতুন নিযুক্তিও একেবাৰে নোহোৱা হৈছে।” তেওঁ লগতে কয় যে জনজাতীয় অঞ্চলসমূহৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি মানুহ এতিয়া অধিক আকৃষ্ট হৈছে। আৰক্ষী সঞ্চালক প্ৰধান হৰিশ কুমাৰ গুপ্তাই কয়, “আত্মসমৰ্পণ কৰা নেতাগৰাকীৰ তথ্যৰ ভিত্তিত আমি ১৯ টাকৈ মাৰাত্মক অস্ত্ৰ উদ্ধাৰ কৰিছোঁ। ইয়াৰ ভিতৰত ইনচাচ ৰাইফল আৰু বিজিপিএলো আছে।” তেওঁ দাবী কৰা মতে, বিগত এবছৰত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন কেন্দ্ৰীয় সমিতিৰ সদস্যসহ ১৮ জন মাওবাদী নিহত হৈছে আৰু ৰাজ্যখনত এতিয়া মাওবাদী কাৰ্যকলাপ প্ৰায় শূন্য। কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা মাওবাদী নিৰ্মূলৰ যি লক্ষ্য বান্ধি দিছিল, এই আত্মসমৰ্পণে সেই দিশত এক গুৰুত্বপূৰ্ণ সফলতা প্ৰদান কৰাটো নিশ্চিত হৈছে। Share this:FacebookX Related Post navigation উত্তেজনা বৃদ্ধি; ইৰানৰ জল-বিদ্যুৎ প্ৰকল্প টাৰ্গেট কৰাৰ ভাবুকি ডোনাল্ড ট্রাম্প ৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল একে মুদ্ৰাৰ ইপিঠি-সিপিঠিঃ বিজেপি-ইউডিএফক সমালোচনা গৌৰৱ গগৈৰ