ম্যানমাৰ সীমান্তৰে চলি থকা বনৌষধিৰ অবৈধ সৰবৰাহ ৰোধ কৰিবলৈ অসম ৰাইফলছে মিজোৰামত তীব্ৰ অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। এই নিৰন্তৰ নিৰাপত্তা পহৰাৰ অংশ হিচাপে সোমবাৰে জোৱানসকলে ভাৰত-ম্যানমাৰ সীমান্তৰ জোৰিনপুইত জব্দ কৰে বুজন পৰিমাণৰ অবৈধ আনচিৰি। আন্তঃৰাষ্ট্ৰীয় বজাৰত উচ্চ চাহিদা থকা এই বনৌষধি বিধৰ আনুমানিক মূল্য প্ৰায় ৩৬ লাখ টকা বুলি জানিব পৰা গৈছে। অসম ৰাইফলছে সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে প্ৰকাশ কৰা তথ্য অনুসৰি, অভিযান কালত মুঠ ১০২ বেগ আনচিৰি উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে। উচ্চ বজাৰ মূল্যৰ বাবে প্ৰায়েই চোৰাং পথেৰে সৰবৰাহ হোৱা এই বনৌষধি বিধৰ বিৰুদ্ধে চলোৱা অভিযানত তিনিজন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। সীমান্তৱৰ্তী অঞ্চলত সন্দেহজনক গতিবিধি লক্ষ্য কৰি নিৰাপত্তাৰক্ষীয়ে চলোৱা তালাচীত ধৰা পৰে এই বৃহৎ চোৰাং চক্ৰটো। জব্দকৃত সামগ্ৰীখিনিৰ সৈতে আটক কৰা লোককেইজনক পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে বুংটলাং আৰক্ষী থানা আৰু ছিয়া জিলা বন বিভাগৰ হাতত গতাই দিয়া হৈছে। সীমান্তৱৰ্তী অঞ্চলত এনে অবৈধ কাৰবাৰ ৰোধ কৰিবলৈ অসম ৰাইফলছে তহলদাৰী অধিক কটকটীয়া কৰি তুলিছে। নিৰাপত্তা বাহিনীৰ এই শেহতীয়া সফলতাই আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত এক মোক্ষম আঘাত হানিব বুলি ধাৰণা কৰা হৈছে। Share this:FacebookX Related Post navigation শান্তি আলোচনাৰ পূৰ্বে ‘মৃত শিশু’ৰ সৈতে একেখন বিমানত ইছলামবাদত উপস্থিত ইৰানী সঁজাতী দল চাঞ্চল্যকৰ ঘটনা: স্বামীক হত্যা কৰিবলৈ পত্নীৰ ষড়যন্ত্ৰ, ডকাইতিৰ নাটকত লুকুৱালে সত্য