হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই মৰিগাঁৱত নতুন অনুমোদিত প্ৰধান ডিলাৰশ্বিপ আৰডি অটোজ’ন হোণ্ডা উদ্বোধন কৰিছে। নতুন ডিলাৰশ্বিপে ৰাজ্যখনত এইচএমএছআইৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ লগতে অঞ্চলটোৰ গ্ৰাহকসকলৰ বাবে হোণ্ডাৰ সামগ্ৰী আৰু সেৱাসমূহৰ সুবিধা উন্নত কৰে। দুচকীয়া বাহনৰ সুবিধাজনক আৰু বিস্তৃত অভিজ্ঞতা প্ৰদান কৰিবলৈ আৰডি অটোজ’ন হোণ্ডাক বিকশিত কৰা হৈছে। এই ডিলাৰশ্বিপে হোণ্ডাৰ ৪এছ সুবিধা- বিক্ৰী, সেৱা, স্পেয়াৰ পাৰ্টছ, আৰু হোণ্ডাৰ মূল স্তম্ভ ছেফটি ৰাইডিং প্ৰমোচনক একেখন চালৰ তলত একত্ৰিত কৰে।

ডিলাৰশ্বিপলৈ যোৱা গ্ৰাহকসকলে হোণ্ডাৰ অনন্য সামগ্ৰীসমূহ অন্বেষণ কৰিব পাৰে, সমৰ্থন সেৱাৰ খুঁটি-নাতি নিৰীক্ষণ কৰিব পাৰে, আৰু নিৰাপদ ৰাইডিং পদ্ধতিৰ বিষয়ে জানিব পাৰে। এই নতুন আউটলেটৰ জৰিয়তে মৰিগাঁৱৰ গ্ৰাহকে হোণ্ডাৰ স্কুটাৰ আৰু মটৰ চাইকেলৰ সম্পূৰ্ণসূচীৰ সবিশেষ জানিব পাৰিব। স্কুটাৰ ৰেঞ্জত ১১০চিচি শাখাত এক্টিভা আৰু ডিঅ’ৰ লগতে ১২৫চিচি ছেগমেণ্টত এক্টিভা ১২৫ আৰু ডিঅ’ ১২৫ অন্তৰ্ভুক্ত কৰা হৈছে।

মটৰ চাইকেল পৰ্টফলিঅ’ত হোণ্ডাৰ দহটা মডেল একাধিক ইঞ্জিন শিতানত সেৱা-সামগ্ৰী উপলব্ধ: শ্বাইন ১০০, শ্বাইন ১০০ ডিএক্স, আৰু ১০০–১১০চিচি ছেগমেণ্টত লিভ’; ১২৫চিচিত শ্বাইন ১২৫, এছপি১২৫, আৰু চিবি১২৫ হৰ্নেট; ১৬০চিচি ছেগমেণ্টত ইউনিকৰ্ন আৰু এছপি১৬০ আৰু ১৮০–২০০চিচি শিতানত হৰ্নেট ২.০ আৰু এনএক্স২০০ আদি। নতুন ডিলাৰশ্বিপটো প্ৰশিক্ষিত বিক্ৰী আৰু সেৱা দলৰ দ্বাৰা সমৰ্থিত যিয়ে গ্ৰাহকসকলক মালিকীস্বত্বৰ সমগ্ৰ যাত্ৰাত সহায় কৰিব। ডিলাৰশ্বিপত জাপানৰ পৰা আমদানি কৰা হোণ্ডাৰ উন্নত ৰাইডিং চিমুলেটৰো আছে, যিয়ে ৰাইডাৰসকলক প্ৰকৃত পথৰ পৰিস্থিতি বুজিবলৈ সহায় কৰে আৰু দায়িত্বশীল ৰাইডিং আচৰণক উৎসাহিত কৰে। মৰিগাঁৱৰ এই নতুন ডিলাৰশ্বিপৰ জৰিয়তে এইচ এম এছ আইয়ে নিজৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰি সমগ্ৰ অসমৰ গ্ৰাহকৰ সামগ্ৰী আৰু সেৱাসমূহ গ্ৰাহকৰ অধিক কাষ চপাই নিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *