নিমপাতৰ উপকাৰিতা কি ? ই কি কি ৰোগৰ ঔষধ ? ইয়াৰ কোনো ক্ষতিকাৰক প্ৰভাৱ আছে নেকি ? ঔষধি গুণেৰে সমৃদ্ধ নিম পাত আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ সোৱাদত তিতা হ’লেও নিম পাত উপকাৰিতাৰ দিশৰ পৰা এক কথাত তুলনাবিহীন।যাৰ সকলো ৰোগৰে প্ৰতিৰোধ ক্ষমতা থকাৰ লগতে নিমপাত হৈছে ছালৰ মহৌষধ ৷ এনেকুৱা হয়তো মানুহ নোলাব যিয়ে আজি পৰ্যন্ত নিমপাত ব্যৱহাৰ কৰি পোৱা নাই ৷ নিমগছক ইংৰাজীত Margosa Tree বুলি কোৱা হয় আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে Azadirachta indica ৷ আয়ুৰ্বেদ অনুসৰি নিমগছ তিতা আৰু কেঁহাৰস যুক্ত এবিধ গছ ৷ নিমগছ বিশ্বৰ সকলো প্ৰান্তৰতে পোৱা যায় ৷ ইয়াৰ বিশেষকৈ পাত, ছাল আৰু গুটি ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় ৷বসন্ত কালত নিয়মিতভাৱে নিম পাত খাব লাগে। নিমৰ পাত বহু ধৰণে খাব পাৰি। নিম বেঙেনাৰ লগত ভাজি বা ইচ্ছা কৰিলে সিজোৱা আলুৰ লগত নিম পাত ভাজি খাব পাৰে। বসন্ত কালত ইয়াক খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। নিম পাতৰ ৰসো খাব পাৰে।নিম পাত মিহলি পানীৰে গা ধুলে বহু ধৰণৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। এন্টিবেক্টেৰিয়েল আৰু এন্টিচেপ্টিক গুণেৰে ভৰপূৰ নিমপাত। ১ লিটাৰ পানীত কেইখিলামান নিম পাত দি কিছুসময় উতলাই তাৰ পিছত সেই পানীৰে গা ধুব পাৰে। লগতে নিম পাত ঠাণ্ডা পানীত প্ৰায় ১ ঘণ্টামান সময় ৰাখি এই পানীৰে গা ধুব পাৰে। নিম মিহলি পানীৰে গা ধুলে ছাল পৰিষ্কাৰ হোৱাৰ লগতে ঘামৰ ফলত হোৱা দুৰ্গন্ধৰ সমস্যাও হ্ৰাস পায়। নিমৰ এন্টিবেক্টেৰিয়েল গুণে ছালখন সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।নিম পাত পুষ্টিকৰ উপাদানেৰে ভৰপূৰ। নিমৰ পাত একাপত প্ৰচুৰ পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি আৰু কেলচিয়াম থাকে। ইয়াত ৪৫ গ্ৰাম কেলৰি থাকে। নিম পাত শক্তিশালী বীজাণুনাশক। দৈনিক ৪-৫ টা নিম পাত খাব পাৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। প্ৰতিষেধক হিচাপে কাম কৰে। নিম পাতে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। নিম পাতত থকা ৰাসায়নিক পদাৰ্থই ইনচুলিন বৃদ্ধি কৰাত সহায় কৰে। Share this:FacebookX Related Post navigation লামডিঙত অঘটন থাণ্ডাৰবোল্ট প্ৰযুক্তিৰ সৈতে জিচিপিএলৰ এইচআইটি এৰোচ’লএক নতুন মানদণ্ড নিৰ্ধাৰণ কৰে