বিগত বৰ্ষত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল শ্বেখ হাছিনাই। তাৰ পিছৰ পৰাই দেশৰ বাহিৰত আশ্ৰয় গ্ৰহণ কৰি থকা হাছিনাই এতিয়া গোপালগঞ্জৰ এই পৰিস্থিতিৰ মাজতে সমৰ্থকলৈ দিছে এক বিশেষ বাৰ্তা। ইউনুছ প্ৰশাসনৰ সৈতে চলি থকা সংঘাতৰ মাজতে হাছিনাই তেওঁৰ সমৰ্থকক ইউনুছ চৰকাৰ উৎখাত কৰিবলৈ আহ্বান জনাইছে।

সংঘৰ্ষজৰ্জৰ গোপালগঞ্জত যোৱা দুদিন ধৰি সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। এনে পৰিস্থিতিত গোপালগঞ্জত প্ৰশাসনে জাৰি কৰিছে কাৰ্ফিউ, বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। অৱশ্যে পূৰ্বৰ তুলনাত সাময়িকভাৱে উত্তেজনা লাঘৱ হৈছে গোপালগঞ্জত। জন্মভূমি গোপালগঞ্জৰ এই পৰিৱেশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে শ্বেখ হাছিনাই।

দেশৰ বাহিৰত আশ্ৰয় গ্ৰহণ কৰি থকা হাছিনাই এতিয়া গোপালগঞ্জৰ এই পৰিস্থিতিৰ মাজতে সমৰ্থকলৈ দিছে এক বিশেষ বাৰ্তা।ইউনুছ প্ৰশাসনৰ সৈতে চলি থকা সংঘাতৰ মাজতে হাছিনাই তেওঁৰ সমৰ্থকক ইউনুছ চৰকাৰ উৎখাত কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *