আহমেদাবাদত অনুষ্ঠিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন টি-২০ মেচত ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই এক বিধ্বংসী ইনিংছ উপহাৰ দিয়ে। পাণ্ডিয়াই মাত্ৰ ১৬ টা বলতে ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় দ্ৰুততম অৰ্ধশতক অৰ্জন কৰি অভিলেখ গঢ়ে। তেওঁৰ এই ধুমুহা সদৃশ ইনিংছৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৩১ ৰানৰ এক বিশাল স্ক’ৰ থিয় কৰায়। পাণ্ডিয়াই তেওঁৰ ২৫ টা বলৰ ইনিংছত ৪ টা চাৰি আৰু ৫ টা ছিক্সৰে মুঠ ৬৩ ৰান সংগ্ৰহ কৰে। ২০০৭ চনৰ টি-২০ বিশ্বকাপত যুৱৰাজ সিঙে ১২ টা বলত কৰা অৰ্ধশতকটো এতিয়াও ভাৰতৰ বাবে দ্ৰুততম হৈ আছে। হাৰ্দিক পাণ্ডিয়াৰ উপৰিও তিলক বাৰ্মাই ১০ টা চাৰি আৰু এটা ছিক্সাৰে ৭৩ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ইয়াৰ পূৰ্বে সঞ্জু চেমচন আৰু অভিষেক শৰ্মাই পাৱাৰপ্লেৰ ভিতৰতে ভাৰতক এক দ্ৰুত আৰম্ভণি প্ৰদান কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বলাৰ কৰ্বিন বচে ৪৪ ৰান দি ২ টা উইকেট দখল কৰে যদিও আন বলাৰসকল বিশেষ সফল হোৱা নাছিল। লুগি এনগিডিয়ে সুন্দৰ নিয়ন্ত্ৰিত বলিং কৰি ৪ অভাৰত মাত্ৰ ২৭ ৰান খৰচ কৰে। খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাজিত কৰি ছিৰিজটো ৩-১ ব্যৱধানেৰে নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। Share this:FacebookX Related Post navigation নিশাৰ দুৰ্ঘটনা: ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ গ’ল ৮টাকৈ বন্যহস্তীৰ বাংলাদেশত হিন্দু যুৱকক মৰিয়াই হত্যা! ভাৰত চৰকাৰলৈ বিশেষ আহ্বান প্ৰিয়ংকা গান্ধীৰ