ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ স্বাস্থ্য কৰ্মী আৰু অৰুণোদয়ৰ হিতাধিকাৰীসকলক লক্ষ্য কৰি বৃহস্পতিবাৰে অনুষ্ঠিত অসম কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আশা কৰ্মীসকলক স্কুটী প্ৰদান আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক বৃহৎ পৰিমাণৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱত মোহৰ মৰা হয়। নিৰ্বাচনৰ সমীপ চাপি অহাৰ সময়তে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তসমূহৰ আঁৰত বিশেষ ৰাজনৈতিক কৌশল থকা বুলি চৰ্চা চলিছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ৰাজ্যৰ ৩৩,৬৫৬ গৰাকী আশা কৰ্মী আৰু ২,৫৭০ গৰাকী আশা ছুপাৰভাইজাৰক চৰকাৰৰ নিজা পুঁজিৰ পৰা স্কুটী প্ৰদান কৰা হ’ব। স্বাস্থ্য সেৱাৰ সৈতে জড়িত এইসকল মহিলাৰ যাতায়াতৰ সুবিধাৰ বাবে চৰকাৰে এই পদক্ষেপ লোৱা বুলি জানিবলৈ দিছে। ইয়াৰ পূৰ্বে ছাত্ৰীসকলক স্কুটী বিলাই চৰ্চালৈ অহা চৰকাৰে এইবাৰ আশা কৰ্মীসকলক লক্ষ্য কৰি লোৱাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইফালে, অৰুণোদয় আঁচনিৰ ৩৯,৭০,০০০ গৰাকী হিতাধিকাৰীক এককালীনভাৱে ৯,০০০ টকাকৈ সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনাইছে। অহা ১০ মাৰ্চৰ দিনা পুৱা ১১ বজাত ৰাজ্যৰ প্ৰতিটো পঞ্চায়ত আৰু ৱাৰ্ড পৰ্যায়ত আয়োজিত সভাৰ জৰিয়তে এই ধন বিতৰণ কৰা হ’ব। এই আঁচনিৰ নামত চৰকাৰী কোষাগাৰৰ পৰা মুঠ ৩,৬০০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “তৃণমূল পৰ্যায়ৰ সেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ চৰকাৰে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে।” তেওঁ লগতে কয়, “অৰুণোদয়ৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি আমি দিছিলোঁ, এই অতিৰিক্ত সাহায্যই সেই প্ৰতিশ্ৰুতিক অধিক সুদৃঢ় কৰিব।” চৰকাৰে ইয়াৰ জৰিয়তে হিতাধিকাৰী ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা বুলি বিৰোধী মহলে ইতিমধ্যে সমালোচনা আৰম্ভ কৰিছে। Share this:FacebookX Related Post navigation টি-২০ বিশ্বকাপৰ মাজতে শোকৰ বতৰা! ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃৰ দেহাৱসান আসন বুজাবুজিৰ সমীকৰণ চূড়ান্ত কৰিবলৈ ১০ মাৰ্চৰ নতুন সময়সীমা; বিজেপি-অগপ-বিপিএফৰ মাজত অব্যাহত আলোচনা