ভূ-গাঁথনিৰ পাৰস্পৰিক ক্ৰিয়া, ভূ-কাৰিকৰী ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনৰ বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান টেৰে আৰ্মিয়ে জিঅ’কুৱেষ্ট নামেৰে নিজৰ প্ৰতিষ্ঠানটোৰ নাম ৰিব্ৰেণ্ডিং কৰাৰ কথা ঘোষণা কৰিছে। এই কৌশলগত নাম পৰিৱৰ্তনে কোম্পানীটোৰ বিৱৰ্তন, বৈচিত্ৰ্যতা আৰু  বিশ্বজোৰা সেৱা-বাণিজ্যত অত্যাধুনিক সমাধান প্ৰদানৰ প্ৰতিশ্ৰুতিৰ দিশটো প্ৰতিফলিত কৰিছে। শেহতীয়া দশকবোৰত কোম্পানীটোৱে পৰম্পৰাগত শক্তিশালী আৰ্থ® সমাধানৰ বাহিৰেও নিজৰ বিশেষজ্ঞতা সম্প্ৰসাৰিত কৰিছে, জিঅ’চিন্থেটিক্স, উন্নত নিৰ্মাণ সামগ্ৰী আৰু জিঅ’হেজাৰ্ড(ভূ-কেন্দ্ৰিক বিপদ) সমাধানসমূহক নিজৰ পৰ্টফলিঅ’ত একত্ৰিত কৰিছে।

জিঅ’কুৱেষ্ট ৰূপে নাম পৰিৱৰ্তনে বিভিন্ন মহাদেশৰ মাজত এক ঐক্যবদ্ধ বিশ্ব পৰিচয়ক সূচায়, যিয়ে প্ৰতিষ্ঠানটোৰ ভূ-কাৰিকৰী, ভূ-বিপদাশংকা আৰু জলবিদ্যুৎ অভিযান্ত্ৰিকীৰ ক্ষেত্ৰত সম্প্ৰসাৰণ, বৈচিত্ৰ্যতা আৰু উদ্ভাৱনৰ অভিযানক শক্তিশালী কৰে। নতুন নাম জিঅ’কুৱেষ্টে কোম্পানীটোৰ মূল শক্তিসমূহক সামৰি লৈছে।

‘জিঅ’ উপসৰ্গটোৱে ভূ-কাৰিকৰী অভিযান্ত্ৰিকী, ভূ-সংশ্লেষণ আৰু ভূ-বিপদসমূহৰ ক্ষেত্ৰত নিজৰ বিশেষজ্ঞতাক উজ্জ্বল কৰি তুলিছে, আনহাতে ‘কুৱেষ্ট’ প্ৰত্যয়টোৱে দীৰ্ঘম্যাদী আন্তঃগাঁথনিৰ সম্পদ গঢ়ি তোলা আৰু ৰক্ষণাবেক্ষণৰ বাবে উদ্ভাৱনীমূলক সমাধান প্ৰদান কৰি অদম্য উৎকৃষ্টতাৰ সন্ধানক সূচাইছে। নাম সলনি হোৱাৰ পিছতো কোম্পানীটোৱে নিজৰ বিশেষজ্ঞতা, উদ্ভাৱন আৰু উৎকৃষ্টতাৰ উত্তৰাধিকাৰৰ প্ৰতি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। এই উপলক্ষে নিজৰ অভিমত ব্যক্ত কৰি জিঅ’কুৱেষ্ট ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সোমনাথ বিশ্বাসে কয যে, “জিঅ’কুৱেষ্ট নামটো গ্ৰহণৰ সিদ্ধান্ত আমাৰ কোম্পানীৰ বৰ্ণিল যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি।”

Leave a Reply

Your email address will not be published. Required fields are marked *