অসমৰ নিৰ্বাচনী যুঁজৰ মাজতে এইবাৰ পাকিস্তানৰ প্ৰসংগ টানি কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰাৰ লগতে এই সমগ্ৰ বিতৰ্কৰ পাছত পাকিস্তানৰ হাত থকা বুলি সোমবাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৱন খেৰা আৰু গৌৰৱ গগৈয়ে দিল্লী আৰু গুৱাহাটীত যুটীয়াভাৱে সংবাদমেল পাতি যিবোৰ নথি প্ৰদৰ্শন কৰিছে, সেইসমূহ সম্পূৰ্ণ জাল বুলি দাবী কৰে শৰ্মাই। তেওঁৰ মতে, ৰাজহুৱা স্থানত এনে জালিয়াতি কৰাটো ভাৰতীয় ন্যায় সংহিতাৰ (BNS) অধীনত এক গুৰুতৰ অপৰাধ।

মুখ্যমন্ত্ৰীগৰাকীয়ে অধিক স্পষ্ট কৰি কয় যে যেতিয়া নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ উদ্দেশ্যে এনে ভুৱা নথি ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ পৰিণতি ভয়াবহ হ’ব পাৰে। এনে অপৰাধৰ বাবে যাৱজ্জীৱন কাৰাদণ্ডৰ সম্ভাৱনা থকা বুলিও সঁকিয়াই দিয়ে শৰ্মাই। তেওঁ গুৰুত্ব সহকাৰে উল্লেখ কৰে যে এইটো এতিয়া কেৱল এটা ৰাজনৈতিক বিষয় হৈ থকা নাই, বৰঞ্চ ইয়াৰ আইনী পৰিণাম অতি শীঘ্ৰেই স্পষ্ট হৈ পৰিব। ইফালে, এই অভিযোগৰ সন্দৰ্ভত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ইতিমধ্যে এখন এজাহাৰ দাখিল কৰাৰ কথা সদৰী কৰি আৰক্ষীৰ তদন্তত সকলো সত্য ওলাই পৰিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

আটাইতকৈ চাঞ্চল্যৰ বিষয়টো হ’ল পৱন খেৰাৰ সংবাদমেলত ব্যৱহৃত সামগ্ৰীসমূহৰ উৎস পাকিস্তানৰ ছচিয়েল মিডিয়াৰ সৈতে জড়িত থকাৰ অভিযোগ। হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে যোৱা ১০ দিন ধৰি পাকিস্তানৰ বিভিন্ন চেনেলত অস্বাভাৱিকভাৱে অসমৰ নিৰ্বাচনক লৈ আলোচনা চলি আছে। এই আলোচনাসমূহত ধাৰাবাহিকভাৱে কংগ্ৰেছৰ সপক্ষে এক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁৰ মতে, এই সংবাদমেলৰ আঁৰত থকা ‘পাকিস্তান লিংক’ এতিয়া ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে।

কংগ্ৰেছৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত অসম বিজেপিয়ে ‘GauravElizabeth786’ নামৰ এটা কৃত্ৰিম একাউণ্ট সৃষ্টি কৰি ইয়াৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰে যে ইণ্টাৰনেটত ভুৱা কোম্পানী বা ডিজিটেল ৰেকৰ্ড সৃষ্টি কৰাটো কিমান সহজ। গুগলে দিয়া যিকোনো তথ্যই যে সঁচা নহয়, তাক এই পৰীক্ষাৰ জৰিয়তে প্ৰমাণ কৰা হ’ল বুলি যুক্তি দৰ্শায় মুখ্যমন্ত্ৰীয়ে। এনে পদ্ধতিৰে কংগ্ৰেছে বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰিছে বুলিও স্পষ্ট কৰি দিয়ে শৰ্মাই। নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক অভিযোগে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *