উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে গোলাঘাট জিলাৰ মেৰাপানীত অবৈধ বেদখলৰ বিৰুদ্ধে পুনৰ তীব্ৰ অভিযান আৰম্ভ কৰিছে বন বিভাগে। দেওবাৰে মেৰাপানীৰ ২ নম্বৰ নেঘেৰীবিল অঞ্চলৰ ৫৯ টা পৰিয়ালক নতুনকৈ উচ্ছেদৰ জাননী প্ৰদান কৰা হয়। চি আৰ পি এফ আৰু স্থানীয় আৰক্ষীৰ বিশাল বাহিনীৰ উপস্থিতিত বন বিভাগে এই পদক্ষেপ গ্ৰহণ কৰে। বন বিভাগৰ সূত্ৰৰ মতে, যোৱা ১০ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে বন বিভাগৰ পক্ষত ৰায় প্ৰদান কৰি আইন অনুসৰি ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ আগষ্ট মাহত ২০৫ টা পৰিয়ালক জাননী দিয়া হৈছিল যদিও একাংশই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত উচ্ছেদ প্ৰক্ৰিয়া স্থগিত আছিল। বৰ্তমান উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেত পোৱাৰ পাছতে গোলাঘাট বন সংমণ্ডলে ২১ ফেব্ৰুৱাৰীত এই নতুন জাননী জাৰি কৰে। জামুগুৰি বনাঞ্চলৰ আঞ্চলিক বন বিষয়া ৰঞ্জন বৰুৱাই জানিবলৈ দিয়া মতে, চিনাক্ত কৰা বেদখলকাৰীসকলক সাত দিনৰ ভিতৰত তেওঁলোকৰ নথিপত্ৰ জমা দিবলৈ কোৱা হৈছে। যদিহে নথিপত্ৰ বৈধ নহয়, তেন্তে ১৫ দিনৰ ভিতৰত ভূমি খালী কৰিব লাগিব, অন্যথা বন বিভাগে উচ্ছেদ চলাব। বহু পৰিয়ালে জাননী গ্ৰহণ নকৰাৰ বাবে বিভাগে ঘৰৰ দুৱাৰত জাননী আঁৰি দিয়ে। দয়াং সংৰক্ষিত বনাঞ্চলৰ মাটিত অবৈধভাৱে বসবাস কৰা এই পৰিয়ালসমূহক লৈ এতিয়া অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। Share this:FacebookX Related Post navigation প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক শেষ বিদায়, নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে অন্তিম সংস্কাৰ টিভিএছ মটৰে ভেটিকান চিটি ষ্টেটৰ গৱৰ্ণৰেটলৈ দুটা আইকিউব ডেলিভাৰী কৰিছে