শাসকীয় এন ডি এ মিত্ৰজোঁটৰ মাজত আসন্ন বিধানসভা নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অহা ১০ মাৰ্চৰ এক নতুন সময়সীমা নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইদিনমান পূৰ্বে আসন বুজাবুজিৰ বিষয়টো ইতিমধ্যে চূড়ান্ত হোৱা বুলি দাবী কৰাৰ পাছত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ নতুন দিন ঘোষণা কৰাটোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। মিত্ৰদলৰ সৈতে আসনক লৈ হোৱা টনা-আঁজোৰাৰ বাবেই এই প্ৰক্ৰিয়া দীঘলীয়া হোৱা বুলি ধাৰণা কৰা হৈছে।

গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে মিত্ৰজোঁটৰ দুয়োটা সহযোগী দলৰ সৈতে আলোচনা এতিয়াও অব্যাহত আছে আৰু অতি সোনকালে ইয়াৰ সামৰণি পৰিব। বিশেষকৈ বিপিএফ আৰু অগপৰৰ সৈতে আসন ভাগ-বতৰাক লৈ বিজেপি নেতৃত্বৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে। যোৱা নিৰ্বাচনৰ তুলনাত এইবাৰ দুই আঞ্চলিক দলে অধিক আসন দাবী কৰাৰ বাবেই চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাত বিলম্ব ঘটিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “বিপিএফৰ সৈতে আমাৰ আলোচনা এদিন বা দুদিনৰ ভিতৰতে সম্পূৰ্ণ হ’ব।”

তেওঁ লগতে কয়, “অগপৰ সৈতে ৯ বা ১০ মাৰ্চৰ ভিতৰত আলোচনা শেষ হ’ব। আমি আশা কৰিছোঁ যে সেই সময়ৰ ভিতৰত সকলো চূড়ান্ত হ’ব আৰু ১০ মাৰ্চত আমি মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰিম।”

মুখ্যমন্ত্ৰীৰ এই মন্তব্যই স্পষ্ট কৰি দিছে যে আঞ্চলিক শক্তিৰ সৈতে বিজেপিৰ বুজাবুজি এতিয়াও শেষ পৰ্যায়তে আৱদ্ধ হৈ আছে। আসন ভাগ-বতৰাক লৈ দলসমূহৰ মাজত থকা অমিল আঁতৰাই ১০ মাৰ্চত এন ডি এ-ৰ মিত্ৰজোঁটে নিৰ্বাচনী যুঁজৰ বাবে চূড়ান্ত ৰণকৌশল ঘোষণা কৰিবলৈ সাজু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *