ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে নৰ্থ ইষ্টাৰ্ন ডেভেলপমেণ্ট ফাইনেঞ্চ কৰ্পৰেচন লিমিটেড (এন ই ডি এফ আই)ৰ সহযোগত গুৱাহাটীত এমএছএমই আৰু শিল্পীসকলক ই-কমাৰ্চৰ জৰিয়তে বজাৰত ব্যৱসায়িক সম্প্ৰসাৰণৰ দক্ষতা আৰু জ্ঞানেৰে সজ্জিত কৰাৰ বাবে গুৱাহাটীত এক কৰ্মশালাৰ আয়োজন কৰে। নেডফিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্তিয়ে এই অনুষ্ঠানত উপস্থিত থাকে। এই কৰ্মশালাখনত আত্মনিয়োগ আৰু উদ্যমিতাক আগুৱাই নিয়াৰ বাবে স্থানীয় জনগোষ্ঠীসমূহৰ সামৰ্থ্য শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ফ্লিপকাৰ্টৰ বজাৰ স্থানৰ অফাৰৰ ওপৰত গুৰুত্ব আৰোপৰ লক্ষ্য আছিল শিপিনী আৰু শিল্পীসকলক ৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ আৰু নিজৰ নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ জ্ঞান আৰু সঁজুলিৰে সজ্জিত কৰা। নৰ্থ-ইষ্টাৰ্ন ডেভেলপমেণ্ট ফাইনেঞ্চ লিমিটেড(নেডফি)ৰ সহযোগত গুৱাহাটীত আয়োজিত এই অনুষ্ঠানত ১০০ৰো অধিক এমএছএমই আৰু স্থানীয় কাৰিকৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি, এনইডিএফআই-ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পিভিএছএলএন মূৰ্তিয়ে কয় যে, “ফ্লিপকাৰ্ট সমৰ্থ কাৰ্যসূচী ই-কমাৰ্চৰ জৰিয়তে বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ সক্ষম কৰি অৱহেলিত বা পিছপৰা সম্প্ৰদায়ৰ বাবে ডিজিটেল বিভাজন দূৰ কৰিবলৈ ডিজাইন কৰা হৈছে।” ফ্লিপকাৰ্টে বৰ্তমান ১ লাখৰো অধিক বিক্ৰেতাক সমৰ্থন আৰু ডিজিটেল অৰ্থনীতিত নিৰৱিচ্ছিন্ন অংশগ্ৰহণ সক্ষম কৰা এক বিস্তৃত বজাৰ প্ৰদান কৰি অসমৰ এমএছএমইসমূহক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ই-কমাৰ্চৰ ক্ষেত্ৰত স্থানীয় ব্যৱসায়ৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰি অসমে বিক্ৰেতা অন-বৰ্ডিং আৰু তালিকাৰ ক্ষেত্ৰত বছৰি ১০০% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৈতে এক বুজাবুজি চুক্তিৰ জৰিয়তে ফ্লিপকাৰ্টে স্থানীয় কলা, কাৰুশিল্প আৰু হস্ততাঁত বস্ত্ৰৰ প্ৰচাৰ কৰি আহিছে, আনহাতে অসম দক্ষতা বিকাশ অভিযানৰ সৈতে অংশীদাৰিত্বৰে যোগান শৃংখলাত দক্ষতা-নিৰ্মাণ, দক্ষতাৰ ব্যৱধান পূৰণ আৰু নিযুক্তিৰ সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। Share this:FacebookX Related Post navigation বি চি চি আয়ে Dream 11ৰ সৈতে চুক্তি বাতিল কৰিব ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান