ভাৰতীয় চিনেমাৰ ইতিহাসত কেতিয়াবা কিছুমান এনে ছবিয়ে মুক্তি লাভ কৰে যিয়ে উপাৰ্জনৰ সকলো পুৰণি অভিলেখ নিমিষতে ধূলিস্যাৎ কৰি দিয়ে। আদিত্য ধৰৰ পৰিচালনাত মুক্তি লাভ কৰা স্পাই থ্ৰিলাৰ ‘ধুৰন্ধৰ’ৰ ক্ষেত্ৰতো এতিয়া অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছে। মাত্ৰ ১৭ দিনৰ ভিতৰতে এই ছবিখনে বিশ্বজুৰি ৮০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এক অভূতপূৰ্ব সফলতা অৰ্জন কৰে। ৰণবীৰ সিং অভিনীত এই ছবিখনে বিকি কৌশলৰ ‘ছাৱা’ৰ উপাৰ্জনক পিছ পেলাই বৰ্তমান ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে পৰিগণিত হয়। দেওবাৰে নিশা পৰ্যন্ত ছবিখনৰ মুঠ উপাৰ্জনে ৮৪৫ কোটি টকা স্পৰ্শ কৰে।

ভাৰতীয় বক্স অফিচত ধুৰন্ধৰে আনকি হলিউডৰ বহুপ্ৰতীক্ষিত ছবি ‘Avatar: Fire and Ash’কো তীব্ৰ প্ৰত্যাহ্বান জনাই জয়যাত্ৰা অব্যাহত ৰাখিছে। ছবিখনে কেৱল ঘৰুৱা বজাৰতে ৬৬৬.৭৫ কোটি টকা উপাৰ্জন কৰাৰ লগতে আন্তৰ্জাতিক বজাৰতো প্ৰায় ২০ নিযুত ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়। ট্ৰেড বিশেষজ্ঞসকলৰ মতে, চলিত সপ্তাহতে ছবিখনে ৯০০ কোটিৰ সীমা অতিক্ৰম কৰাটো নিশ্চিত। যি গতিৰে এই স্পাই থ্ৰিলাৰখনে গতি কৰিছে, সেই হিচাপে নতুন বছৰৰ পূৰ্বেই ই ১০০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰাৰ সম্ভাৱনা অধিক।

উল্লেখ্য যে, ৰণবীৰ সিঙে কাৰাচীৰ সন্ত্ৰাসবাদী নেটৱৰ্কত অনুপ্ৰৱেশ কৰা ভাৰতীয় চোৰাংচোৱা ‘হামজা’ৰ চৰিত্ৰত কৰা অনবদ্য অভিনয়ে দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। আদিত্য ধৰৰ পৰিচালিত এই ছবিখনত অক্ষয় খান্না, অৰ্জুন ৰামপাল, সঞ্জয় দত্ত আৰু আৰ মাধৱনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ছবিখনৰ প্ৰথম খণ্ডৰ এই অভাৱনীয় সফলতাই এতিয়া ২০২৬ চনৰ মাৰ্চ মাহত মুক্তি পাবলগীয়া ইয়াৰ দ্বিতীয় খণ্ডটোৰ বাবে দৰ্শকৰ মাজত উৎকণ্ঠা দুগুণে বৃদ্ধি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *