দিল্লীৰ আইন-শৃংখলাক তীব্ৰ প্ৰত্যাহ্বান জনাই সোমবাৰে মাজনিশা উত্তৰ-পূব দিল্লীৰ জাফৰাবাদ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড। বাইকত অহা দুৰ্বৃত্তৰ নিৰ্মম গুলীচালনাত নিহত হয় দুজন ভাতৃ। মাজনিশা প্ৰায় ১:৩০ বজাত জাফৰাবাদ আৰক্ষী থানাৰ চৌহান বাঙ্গেৰ অঞ্চলত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি, ফাজিল (৩১) আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ নাদিম (৩৩) ঘৰৰ ওচৰেৰে খোজ কাঢ়ি গৈ আছিল। সেই সময়তে ৫ জন অচিনাক্ত আক্ৰমণকাৰী আহি নিৰ্বিচাৰ গুলীচালনা কৰে। গুলীৰ আঘাতত দুয়োজন ব্যক্তি ঘটনাস্থলীতে ঢলি পৰে। আৰক্ষী উপস্থিত হোৱাৰ পিছতে ফাজিলক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। নাদিমক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁকো মৃত ঘোষণা কৰে। আক্ৰমণকাৰীয়ে গুলীচালনাৰ পিছতে তেওঁলোকৰ স্কুটাৰ এৰি পলাই যায়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কেইবাটাও সক্ৰিয় কাৰ্টিজ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ একাধিক দল গঠন কৰা হৈছে। মৃতকৰ পৰিয়ালৰ লোকে হত্যাকাণ্ডটো ঘনিষ্ঠ আত্মীয়ই কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে পেহীয়েকৰ পুত্ৰসকলক এই হত্যাকাণ্ডৰ বাবে অভিযুক্ত কৰিছে। আৰক্ষীয়ে ব্যক্তিগত শত্ৰুতাৰ দিশটোক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ অঞ্চলটোত আৰক্ষী মোতায়েন কৰা হৈছে। Share this:FacebookX Related Post navigation শীতকালীন ছালৰ যত্নঃ গুৱাহাটীত বতৰৰ শুকানতা প্ৰতিহত কৰিবলৈ বিশেষজ্ঞসকলে আলমণ্ডৰ পৰামৰ্শ দিয়ে ঘন কুঁৱলীৰ বাবে সংঘৰ্ষ ৭ খন বাছ আৰু কেইবাখনো সৰু বাহনৰ, নিহত ৪ জন