দেশৰ ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰা নেচনেল হেৰাল্ড গোচৰে সোমবাৰে এক নতুন মোৰ লয়। বলবৎকাৰী সঞ্চালকালয়ৰ এখন আবেদনৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্য অভিযুক্তসকললৈ জাননী জাৰি কৰিছে। ইডিয়ে শেহতীয়াকৈ এখন নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

উল্লেখ্য যে, যোৱা ১৬ ডিচেম্বৰত এখন ট্ৰায়েল ক’ৰ্টে ইডিয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ অস্বীকাৰ কৰিছিল। নিম্ন আদালতৰ সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় সংস্থাই দাখিল কৰা আবেদনৰ উত্তৰ বিচাৰি এতিয়া উচ্চ ন্যায়ালয়ে জাননী প্ৰেৰণ কৰিছে।

বিচাৰক ৰবীন্দৰ দুদেজাই এই আবেদনৰ শুনানি গ্ৰহণ কৰি মূল আবেদনৰ লগতে ইডিৰ স্থগিতাদেশৰ আবেদনৰ ওপৰতো গান্ধী পৰিয়ালৰ পৰা সঁহাৰি বিচাৰে। নিম্ন আদালতে ইয়াৰ পূৰ্বৰ ৰায়ত উল্লেখ কৰিছিল যে যিহেতু এই গোচৰটো কোনো এফআইআৰৰ ওপৰত ভিত্তি কৰি আৰম্ভ হোৱা নাছিল, সেয়েহে ধনৰ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত অভিযোগনামা গ্ৰহণ কৰাটো আইনীভাৱে অসম্ভৱ। আদালতে স্পষ্ট কৰি দিছিল যে ইডিৰ এই তদন্ত এক ব্যক্তিগত অভিযোগৰ ভিত্তিতহে আৰম্ভ হৈছিল। উচ্চ ন্যায়ালয়ে এতিয়া এই সমগ্ৰ বিষয়টোৰ পৰৱৰ্তী শুনানি ২০২৬ চনৰ ১২ মাৰ্চত গ্ৰহণ কৰিবলৈ দিন ধাৰ্য কৰিছে।

ইডিয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ লগতে প্ৰয়াত মতিলাল বোহৰা, অস্কাৰ ফাৰ্নাণ্ডেজ আৰু অন্যান্য কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে প্ৰায় ২,০০০ কোটি টকাৰ সম্পত্তি আত্মসাৎ আৰু ধনৰ অবৈধ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংস্থাটোৰ মতে, নেচনেল হেৰাল্ড কাকতৰ প্ৰকাশক ‘এছ’চিয়েটেড জাৰ্ণালছ লিমিটেড’ৰ সম্পত্তিৰ সিংহভাগ মালিকীস্বত্ব ৰাহুল আৰু ছোনিয়া গান্ধীৰ অংশীদাৰিত্ব থকা ‘ইয়ং ইণ্ডিয়ান’ নামৰ কোম্পানীটোৱে কৌশলৰে হস্তগত কৰিছিল।

ইফালে, আদালতত ইডিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দৰ্শোৱাৰ বিপৰীতে গান্ধী পৰিয়ালৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী আৰু আৰ এছ চিমা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *