বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক । এই যাত্ৰাত প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে সাধাৰণ জনতাই প্ৰাণ হেৰুওৱাৰ অভিযোগ ।বুৰাড়ীৰ এটা পৰিয়ালৰ ৬ গৰাকী লোকৰ হৃদয় বিদাৰক মৃত্যু । ঘটনাৰ পিছতে উদ্ধাৰ কৰা মৃতদেহবোৰ স্ব-গৃহলৈ অনা হয় আৰু অন্তিম সংস্কাৰ কৰা হয় । কান্দোনত ভাঙি পৰিছে আত্মীয়-স্বজন । প্ৰীড়িতৰ পৰিয়ালে বিচাৰিছে ন্যায় ।ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকাৰ পাছতো মন্দিৰলৈ যাবলৈ ৰাস্তা খুলি দিছিল । কেশৱ নগৰ কলনীৰ এই পৰিয়ালটো তথা তেওঁলোকৰ আত্মীয়ৰ-স্বজনৰ ১৬ জন লোকে মাতা বৈষ্ণো দেৱী দৰ্শনৰ বাবে গৈছিল আৰু ভূমিস্খলনৰ সময়ত ইয়াৰে এটা পৰিয়ালৰে চাৰিজন আৰু আত্মীয়ৰ দুজন মুঠ ৬ জনে শোকাৱহভাৱে মৃত্যুক সাবটে । Share this:FacebookX Related Post navigation বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত সফলতা মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক