এই পিতৃ দিৱসত কেয়াৰ হেল্থ ইঞ্চুৰেন্সে সকলোকে সক্ৰিয়তাৰে নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু ব্যায়ামৰ বিধিসমূহ বজাই ৰাখি পিতৃৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। কিয়নো সাধাৰণতে উচ্চ ৰক্তচাপ বুলি জনাজাত এই হাইপাৰ টেনচনে হৃদৰোগৰ বাবে অন্যতম গুৰুতৰ কাৰক আৰু পূৰ্বে বিশেষ লক্ষণ নেদেখুওৱাৰ বাবে প্ৰায়ে অৱহেলাৰ দৃষ্টিৰে চোৱা হয় বা যত্নৰ কথা নাভাবে। খাদ্যাভ্যাস, অপৰ্যাপ্ত শাৰীৰিক কাম-কাজ, বেছিকৈ মানসিক চাপ সহ্য কৰা আৰু জীৱনশৈলীৰ পৰিৱৰ্তন বা জীৱনৰ মানৰ সৈতে জড়িত জীৱনশৈলীৰ ৰোগ হাইপাৰটেনচনে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু অন্যান্য গুৰুতৰ স্বাস্থ্যজনিত অৱস্থাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ ভয়াৱহ পৰিণতি ৰোধ কৰিবলৈ নিয়মীয়াকৈ স্বাস্থ্যৰ নিৰীক্ষণ আৰু পৰিচালনা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।

কেয়াৰ হেল্থ ইঞ্চুৰেন্সে পূৰ্বৰে চিকিৎসা লৈ থকা বা পৰীক্ষা কৰি থকা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰিছে কেয়াৰ চুপ্ৰিম আৰু এই কেয়াৰ চুপ্ৰিমে জৰুৰীকালীন অৱস্থাত ব্যাপক স্বাস্থ্য আৱৰণ প্ৰদান কৰে। ই ৭গুণ কভাৰেজ প্ৰদান কৰে, আধুনিক বা পৰম্পৰাগত চিকিৎসাৰ ওপৰত কোনো উপ-সীমা(ছাব-লিমিট) নাই, নৱীকৰণ প্ৰিমিয়ামৰ ওপৰত ৩০% লৈকে ৰেহাই আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা কৰে।

এই প্লেনৰ অধীনত চিকিৎসালয়ত ভৰ্তি হোৱা, ঘৰুৱা চিকিৎসালয়ত ভৰ্তি, আনলিমিটেড স্বয়ংক্ৰিয় ৰিচাৰ্জ আৰু ই-পৰামৰ্শ(কনচুলেচন) ইত্যাদি সামৰি লোৱা হৈছে। এই সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰি কেয়াৰ হেল্থ ইঞ্চুৰেন্সৰ বিতৰণ বিভাগৰ মুৰব্বী অজয় শ্বাহে উল্লেখ কৰে যে, “আমাৰ বিস্তৃত কভাৰেজ আৰু সক্ৰিয় স্বাস্থ্য পদক্ষেপৰ জৰিয়তে আমি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই উচ্চ ৰক্তচাপ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু সমৰ্থন প্ৰদান কৰি পুৰুষসকলক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *