ৰাজ্যসভাত আম আদমী পাৰ্টীৰ উপ-দলপতিৰ পদৰ পৰা অপসাৰণ কৰাৰ পাছতেই শুকুৰবাৰে পুৱা দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ ৰাঘৱ চাড্ডা। সংসদত তেওঁক কথা ক’বলৈ বাধা দিয়াৰ যি প্ৰচেষ্টা চলিছে, তাৰ প্ৰত্যুত্তৰ দি ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ বাৰ্তা মুকলি কৰে চাড্ডাই। তেওঁক স্তব্ধ কৰিব পাৰিলেও পৰাজিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে সংসদত জনসাধাৰণৰ সমস্যা উত্থাপন কৰাটো কিবা অপৰাধ নেকি?

দলৰ এই নাটকীয় সিদ্ধান্তৰ পাছতেই আপৰ আন এগৰাকী নেতা সৌৰভ ভৰদ্বাজে চাড্ডাক তীব্ৰ সমালোচনা কৰি আন এক ভিডিঅ’ মুকলি কৰে। ভৰদ্বাজে অভিযোগ উত্থাপন কৰি কয়, “যিয়ে ভয় খায়, তেওঁ মৰে। যেতিয়া অৰবিন্দ কেজৰিৱাল আৰু মনিষ চিছোডিয়াৰ দৰে নেতা জে’লত আছিল, তেতিয়া আপুনি দেশৰ পৰা পলাই আত্মগোপন কৰিছিল।” চাড্ডাই কেৱল জনপ্ৰিয় হ’বলৈ কিছুমান লঘু বিষয়হে সংসদত উত্থাপন কৰে আৰু বিজেপি বা মোদীৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ নকৰে বুলিও ভৰদ্বাজে কটাক্ষ কৰে।

৩৭ বছৰীয়া ৰাঘৱ চাড্ডা ২০১২ চনৰ পৰাই আম আদমী পাৰ্টীৰ সৈতে জড়িত হৈ আছিল আৰু কেজৰিৱালৰ অতি ঘনিষ্ঠ বৃত্তৰ নেতা হিচাপে পৰিচিত আছিল। কিন্তু শেহতীয়াকৈ দলীয় কাৰ্যসূচীত তেওঁৰ অনুপস্থিতি আৰু গুৰুত্বপূৰ্ণ বিষয়ত মৌনতাই দলৰ ভিতৰচ’ৰাত বিভেদৰ সৃষ্টি কৰিছে। চাড্ডাৰ স্থানত পঞ্জাৱৰ আন এগৰাকী সাংসদ অশোক মিত্তালক ৰাজ্যসভাত উপ-দলপতি হিচাপে নিযুক্তি দিয়া হৈছে।

মন কৰিবলগীয়া যে ৰাজ্যসভাৰ সচিবালয়ক ইতিমধ্যে জনোৱা হৈছে যাতে চাড্ডাক সংসদত কোনো বক্তব্য ৰাখিবলৈ সময় দিয়া নহয়। ইফালে চাড্ডাৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰিছে যে তেওঁক সংসদত ‘স্তব্ধ’ কৰাৰ বাবেই এই কৌশল অৱলম্বন কৰা হৈছে। বৰ্তমান আম আদমী পাৰ্টীৰ ভিতৰত চলি থকা এই তীব্ৰ সংঘাত আৰু ৰাঘৱ চাড্ডাৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *