বাংলাদেশৰ প্ৰতিষ্ঠিত আৰু ঐতিহ্যমণ্ডিত ঢাকা ক্লাবত ২১ এপ্ৰিল দেওবাৰে ‘চিকিৎসা পৰ্যটন সন্মিলন’ৰ সফল আয়োজনেৰে অসমৰ আগশাৰীৰ আৰ্থ-সাংস্কৃতিক সংগঠন ব্যতিক্ৰম মাছডোৱে এক উল্লেখযোগ্য মাইলৰ খুঁটি সৃষ্টি কৰিলে। ২১ এপ্ৰিলৰ পুৱা ১০ বজাত শুভাৰম্ভণি কৰা এই অনুষ্ঠানৰ লক্ষ্য আছিল পূব ভাৰত আৰু বাংলাদেশৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা, লগতে দুয়োটা অঞ্চলতে উন্নত চিকিৎসা আৰু স্বাস্থ্যসেৱা সমাধানৰ পোষকতা কৰা।

এই সন্মিলনত উপস্থিত আছিল বাংলাদেশ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা সাংসদ মহম্মদ চহৰিয়াৰ আলম; বাংলাদেশ ফাউণ্ডেচন ফৰ ৰিজ’নেল ষ্টাডিজৰ অধ্যক্ষ তথা ফ্ৰেণ্ডছ অৱ বাংলাদেশৰ সমন্বয়ক চামছুল আৰেফিন; অসমৰ প্ৰথিতযশা সাহিত্যিক ড০ ৰীতা চৌধুৰী, বাংলাদেশ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান  ড০ শ্বাহ মহম্মদ তানভিৰ মনচুৰৰ লগতে দুয়োখন দেশৰ কেইবাজনো বিশিষ্ট চিকিৎসক, শল্য চিকিৎসক আৰু স্বাস্থ্যসেৱা প্ৰশাসক।

ব্য়তিক্ৰম মাছডোৰ অধ্যক্ষ ড০ সৌমেন ভাৰতীয়ই এই সন্মিলনক লৈ নিজৰ উৎসাহ প্ৰকাশ কৰি কয় যে, “বাংলাদেশত চিকিৎসা পৰ্যটনৰ ক্ৰমবৰ্ধমান সম্ভাৱনাক দেখি আমি যথেষ্ট ইতিবাচক অনুভৱ কৰিছোঁ। বিশ্ব মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে আমাৰ অটল প্ৰতিশ্ৰুতিয়ে আমাক আগুৱাই লৈ যাব আৰু আমি আগ্ৰহেৰে এই গতিশীল উদ্যোগত অধিক সহযোগিতা আৰু উন্নতিৰ আশা কৰিছো।”

বাংলাদেশ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী চহৰিয়াৰ আলমে বাংলাদেশ-ভাৰত স্বাস্থ্য খণ্ডৰ বৰ্ধিত দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈদেশিক মুদ্ৰাত যথেষ্ট সঞ্চয়-লাভালাভৰ সম্ভাৱনা আৰু স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধি, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অংশীদাৰিত্বৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

বাংলাদেশ ফাউণ্ডেশ্যন ফৰ ৰিজ’নেল ষ্টাডিজৰ অধ্যক্ষ তথা ফ্ৰেণ্ডছ অৱ বাংলাদেশৰ সমন্বয়ক মেজৰ (অৱসৰপ্ৰাপ্ত) চামছুল আৰেফিনে বাংলাদেশ আৰু ভাৰতৰ মাজত বিশেষভাৱে স্বাস্থ্য খণ্ডত সাধাৰণ লোকসকলৰ সামগ্ৰিক কল্যাণৰ বাবে নিৰন্তৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আশা ব্যক্ত কৰে যে এই সন্মিলনৰ জৰিয়তে আহি থকা দিনত সহযোগিতা বৃদ্ধিত অনুঘটক হিচাপে কাম কৰিব।

বংগবন্ধু শ্বেখ মুজিবুৰ মেডিকেল বিশ্ববিদ্যালয়ৰ ইণ্টাৰভেনচনেল হেপাটোলজী বিভাগৰ মুৰব্বী ড০ মামুন আল মেহতাবে বাংলাদেশৰ সুসংগত স্বাস্থ্যসেৱা খণ্ডৰ বিকাশৰ কথা উল্লেখ কৰি ভাৰতৰ ৰোগীসকলক বাংলাদেশত উন্নত চিকিৎসা সেৱাৰ যাবলৈ আহ্বান জনায়। আহি থকা দিনত ড০ মেহতাবে গুৰুত্বপূৰ্ণ সঁহাৰি আশা কৰিছে আৰু ভৱিষ্যতৰ সন্মিলনত অধিক সহযোগিতাৰ আশা কৰিছে।

বিশিষ্ট লেখিকা তথা সাহিত্য অকাডেমী বঁটা বিজয়ী ড০ ৰীতা চৌধুৰীয়ে স্বাস্থ্যসেৱাৰ উৎকৰ্ষতাৰ ক্ষেত্ৰত বাংলাদেশৰ ক্ৰমবৰ্ধমান অগ্ৰগতিৰ ভূয়সী প্ৰশংসা কৰে, নিজৰ ভাষণত লেখিকাগৰাকীয়ে সাহিত্য আৰু চিকিৎসা বিজ্ঞানৰ মাজৰ সহযোগিতাক বিশ্বৰ মঞ্চৰ সমুখত দাঙি ধৰে।

চিএমআৰআই কলকাতাৰ চি কে বিৰলা হাস্পতালৰ ইউনিট হেড সোমব্ৰত ৰয়ে নিজৰ প্ৰতিষ্ঠানৰ শেহতীয়া অগ্ৰগতি-উন্নীতকৰণ আৰু কৃতিত্বৰ বিষয়ে অৱগত কৰি ব্যতিক্ৰমী স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰতি নিষ্ঠা আৰু ৰোগীৰ যতনৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে।

শিলচৰৰ  জীৱন জ্যোতি হেল্থকেয়াৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰ প্ৰাইভেট লিমিটেডৰ ইণ্টাৰভেনচনেল নিউৰ’ৰেডিঅ’লজি এণ্ড এণ্ড’ভাস্কুলাৰ থেৰাপী বিভাগৰ মুৰব্বী সুকল্যাণ পুৰকায়স্থই বাংলাদেশক অত্যাধুনিক চিকিৎসা পদ্ধতিৰ গন্তব্যস্থান হিচাপে প্ৰচাৰ-প্ৰসাৰ কৰাৰ লক্ষ্যৰে চিকিৎসাৰ উৎকৃষ্টতা আৰু পৰ্যটনৰ বিভিন্ন দিশসমূহ অন্বেষণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

কলকাতাৰ টেকন’ ইণ্ডিয়া গ্ৰুপৰ অপাৰেচন এণ্ড নিউ বিজনেছ ইনিচিয়েটিভছৰ জ্যেষ্ঠ জেনেৰেল মেনেজাৰ অৰিজিৎ ঘোষে সীমান্তৰ সিপাৰে স্বাস্থ্যসেৱাৰ সুলভ-সহজতা আৰু গুণগত মান বৃদ্ধিৰ বাবে সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এই প্লেটফৰ্মৰ ভূমিকাক প্ৰশংসা আৰু আলোকপাত কৰে।

পিয়ৰলেছ হাস্পতালৰ এজিএম অনুপ ভক্তইও পূব ভাৰতত চিকিৎসা পৰ্যটনৰ সম্ভাৱনীয়তা সন্দৰ্ভত নিজৰ বহুমূলীয়া মতামত ব্যক্ত কৰে।

এই অনুষ্ঠানত দুয়োখন দেশৰ প্ৰখ্যাত চিকিৎসকৰ নেতৃত্বত পেনেল আলোচনা অনুষ্ঠিত কৰা হয়, যাৰ ভিতৰত আছিল স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি আৰু ব্যৱধান দূৰ কৰা- ভাৰত আৰু বাংলাদেশ, স্বাস্থ্যসেৱা কৰ্মশক্তি: দক্ষতা আৰু সামৰ্থ্য বিকাশ, স্বাস্থ্যত সমতা আৰু প্ৰৱেশ আৰু সীমা অতিক্ৰমি সহযোগিতা বৃদ্ধি: ভাৰত আৰু বাংলাদেশ ইত্য়াদি। সন্মানীয় পেনেলিষ্টসকলৰ ভিতৰত আছিল: ডাঃ প্ৰতিম সেনগুপ্ত, সঞ্চালক নেফ্ৰকেয়াৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, কনচালটেণ্ট ট্ৰেন্সপ্লাণ্ট ফিজিছিয়ান আৰু নেফ্ৰ’লজিষ্ট, কলকাতা , ডাঃ অৰূপ কুমাৰ নাথ, অধ্যক্ষ আৰু পৰিচালন সঞ্চালক তথা ইউৰ’লজীৰ মুৰব্বী, ইনষ্টিটিউট অৱ ইউৰ’লজী এণ্ড কিডনী ডিজিজ (আইইউকেডি), অসম , এছ এম মাহমুদুল হক পল্লব, কাৰ্যবাহী উপাধ্যক্ষ, ছেলচ এণ্ড মাৰ্কেটিং অংক’লজী, বায়’টেক আৰু প্ৰশমন যতন, বিকন ফাৰ্মাচিউটিকেল পিএলচি, ঢাকা, বাংলাদেশ , ডাঃ চবুৰ উদ্দিন আহমেদ, গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট, প্ৰতিষ্ঠাপক, গেষ্ট্ৰ’চিটী, অসম আৰু আন বহুতো ।

এই সন্মিলন আয়োজনৰ বাবে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী চৰকাৰী দূতাবাস, ফ্ৰেণ্ডছ অৱ বাংলাদেশ, সম্প্ৰীতি বাংলাদেশ, ৰাধনি গ্ৰুপ, পিয়েৰলেছ চিকিৎসালয়, টেকনো গ্লোবেল হাস্পতাল, বেৰেকপুৰ, চিকে বিৰলা হাস্পতাল চিএমআৰআই, কলকাতা, ইনষ্টিটিউট অৱ ইউৰ’লজি এণ্ড কিডনী ডিজিজ, ডেণ্টেল পইণ্টছ এণ্ড ইমপ্লাণ্ট চেণ্টাৰ, জীৱন জ্যোতি হেল্থ কেয়াৰ এণ্ড ৰিচাৰ্ছ প্ৰাইভেট লিমিটেড আৰু উজু হেল্থে যথেষ্ট সহায়-সমৰ্থন আগবঢ়াইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *