নিউয়ৰ্ক টাইমছে শেহতীয়াকৈ প্ৰকাশ কৰিছে একবিংশ শতিকাৰ প্ৰথম ২৫টা বছৰৰ ভিতৰত মুক্তি পোৱা বিশ্বৰ শীৰ্ষ এশখন ছবিৰ এক তালিকা। পিছে জানি আচৰিত হ’ব, এই শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ এখনো ছবি। স্বাভাৱিকতেই এই কথাই চিনেপ্ৰেমী লোকসকলক আচৰিত কৰি তুলিব।সাধাৰণতে নিউয়ৰ্ক টাইমছৰ পাঠকসকল সমগ্ৰ বিশ্বজুৰি বিয়পি আছে। ভাৰততো এই আমেৰিকান কাকতৰ ডিজিটেল সংস্কৰণৰ বঢ়ু পঢ়ুৱৈ আছে। স্পষ্টভাৱে এই সমীক্ষাত ভাৰতীয় পাঠক আৰু চলচ্চিত্ৰ সম্পৰ্কীয় শিল্পী আৰু সমালোচকসকলেও নিশ্চয় অংশগ্ৰহণ কৰিছিল। তাৰ পিছতো কিয় তালিকাত স্থান নাপালে বলীউডৰ ছবিয়ে? এই প্ৰশ্ন বহু লোকৰ মনত উত্থাপন হৈছে।বলীউডত নিৰ্মিত ছবি আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, চীন, জাপান আদি দেশতো জনপ্ৰিয়। পঞ্চাশ আৰু ষাঠিৰ দশকৰ তুলনাত বৰ্তমান সময়ত হিন্দী ছবিয়ে সমগ্ৰ বিশ্বতে প্ৰচাৰ হৈছে। এনে পৰিস্থিতিত যোৱা ২৫ বছৰৰ সহস্ৰাধিক ছবিৰ ভিতৰত এখন ছবিৰ নামো অন্তৰ্ভুক্ত নোহোৱাটো বলীউডৰ বাবে আশ্চৰ্যকৰ কথা।কিন্তু এতিয়া দেশৰ এখনো ছবিয়েই নিউয়ৰ্ক টাইমছৰ তালিকাত স্থান নোপোৱাটোৱে ভাৰতীয় ছবিৰ মান হ্ৰাস পোৱা যেন দেখুৱাইছে নেকি, সেয়াও চৰ্চাৰ বিষয় হৈ পৰিছে। Share this:FacebookX Related Post navigation পুনৰ ছবিগৃহত মুক্তি পাব সঞ্জয় লীলা ভাঞ্চালীৰ ‘পদ্মাৱত’