ইৰান যুদ্ধৰ গ্ৰাসত পৰা বিশ্বৰ লগতে ভাৰততো এতিয়া ৰন্ধন গেছৰ যোগানত ব্যাপক নাটনিৰ সৃষ্টি হৈছে। মধ্যপ্ৰাচ্যৰ এই সংকটক সুযোগ হিচাপে লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে চিলিণ্ডাৰৰ ক’লা বজাৰ। হায়দৰাবাদৰ এটা কবৰস্থানত আৰক্ষীয়ে চলোৱা এক আকস্মিক অভিযানত উদ্ধাৰ হয় ৪১৪ টাকৈ অবৈধ ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কবৰস্থানৰ ভিতৰত লুকুৱাই থোৱা এই চিলিণ্ডাৰসমূহ বজাৰ মূল্যতকৈ দুগুণ-তিনিগুণ অধিক দামত বিক্ৰী কৰি থকা হৈছিল। ২,১০০ টকাৰ এটা বাণিজ্যিক চিলিণ্ডাৰ প্ৰায় ৬,০০০ টকা পৰ্যন্ত দৰত বিক্ৰী কৰিছিল এই চক্ৰটোৱে। এই কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দহজন লোকক আটক কৰাৰ লগতে সংশ্লিষ্ট ডিষ্ট্ৰিবিউটৰগৰাকীকো নিলম্বন কৰা হৈছে। জব্দ কৰা চিলিণ্ডাৰ আৰু বাহনসমূহৰ মুঠ বজাৰ মূল্য প্ৰায় ২২ লাখ টকা বুলি জানিব পৰা গৈছে। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া সুজাতা শৰ্মাই এক সংবাদ মেলত জনোৱা মতে, চিলিণ্ডাৰৰ মজুতকৰণ ৰোধ কৰিবলৈ দেশজুৰি অভিযান তীব্ৰতৰ কৰা হৈছে। তেওঁ কয়, “কেৱল কালিৰ দিনটোতে সমগ্ৰ দেশত ২,৬০০ টা স্থানত তালাচী চলাই ৭০০ টা চিলিণ্ডাৰ জব্দ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতা থাকিলেও ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হোৱা নাই।” অৱশ্যে বুধবাৰে চৰকাৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্বৰ দ্বিতীয় বৃহত্তম এল পি জি আমদানিকাৰী দেশ হিচাপে ভাৰতে নিজৰ মুঠ চাহিদাৰ ৬০ শতাংশই মধ্যপ্ৰাচ্যৰ পৰা ক্ৰয় কৰে। আমেৰিকা-ইজৰাইলৰ সৈতে ইৰানৰ চলি থকা যুদ্ধৰ বাবে জাহাজ চলাচলত বাধা আহি পৰাত যোগান ব্যৱস্থা ব্যাহত হৈছে। এনে পৰিস্থিতি মোকাবিলা কৰিবলৈ চৰকাৰে বৰ্তমান কোলা, কেৰাচিন আৰু বায়’গেছৰ ব্যৱহাৰত অধিক গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ সমান্তৰালভাৱে ঘৰুৱা গ্ৰাহকসকলক পাইপ গেছৰ সংযোগ প্ৰদানৰ কামো দ্ৰুত গতিত আগবঢ়াই নিয়া হৈছে। Share this:FacebookX Related Post navigation অসম বিধানসভা নিৰ্বাচনত অপৰাধীৰ ছাঁ; প্ৰতি সাতজন প্ৰাৰ্থীৰ ভিতৰত এজনৰ বিৰুদ্ধে গুৰুতৰ গোচৰ চাৰি মাহৰ ভিতৰত সমাধান হ’ব হাতী-মানুহৰ সংঘা পলাশবাৰীত গাডকাৰীৰ উপস্থিতিত হিমংশু শেখৰ বৈশ্যৰ ঘোষণা