কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্র মাৰ্ঘেৰিটাই ১ অক্টোবৰত মস্কোত “ভাৰতৰ শ্ৰেষ্ঠ-ভাৰতীয় পোছাক আৰু বস্ত্ৰ মেলা” উদ্বোধন কৰি ভাৰতৰ হস্ততাঁত আৰু বস্ত্ৰ খণ্ডৰ শক্তি আৰু সৃষ্টিশীলতাৰ ওপৰত আলোকপাত কৰে।  ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈ হস্ততাঁত ৰপ্তানি প্ৰসাৰ পৰিষদ (এইচইপিচি)-এ আয়োজন কৰা এই মেলাৰ লক্ষ্য হৈছে ৰাছিয়ালৈ ভাৰতৰ বস্ত্ৰ ৰপ্তানি বৃদ্ধি কৰা, দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰা আৰু চিআইএছ বজাৰৰ বাবে নতুন দুৱাৰ মুকলি কৰা। ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স-ত এই বিষয়ে সদৰি কৰি মন্ত্ৰী মাৰ্ঘেৰিটাই লিখিছে যে,”এই মেলাই ৰাছিয়ালৈ ভাৰতৰ সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰিব, সহযোগিতা গভীৰ কৰিব আৰু চিআইএছ বজাৰৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।”

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, এই অনুষ্ঠানটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ ভাৰতৰ বস্ত্ৰ খণ্ডৰ সম্প্ৰসাৰণ,বিশ্বব্যাপী পদচিহ্ন শক্তিশালীকৰণ আৰু বিশ্বজুৰি ভাৰতীয় কাৰুশিল্পৰ উৎকৃষ্টতা প্ৰদৰ্শনৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। আনহাতে, ২ অক্টোবৰত ৰাছিয়াত থকা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰি দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত তেওঁলোকৰ “অতুলনীয়” ভূমিকাৰ প্ৰশংসা কৰে।

মন্ত্ৰী মাৰ্ঘেৰিটাই মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এম্বেচি অৱ ইণ্ডিয়া স্কুলৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰি স্বচ্ছ ভাৰত, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ আঁৰৰ গান্ধীবাদী আদৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰে।  গুৱাহাটীৰ বস্ত্ৰ উদ্যোগৰ অংশীদাৰসকলে এই পদক্ষেপক আদৰণি জনাই কয় যে, এনে মেলাবোৰে অসমৰ মুগা আৰু এৰি সূতাকে ধৰি অসমৰ সমৃদ্ধ হস্ততাঁত পৰম্পৰাক লৈ ৰাছিয়া আৰু আন আন দেশতো বৃহৎ ৰপ্তানিৰ সোপান বিচাৰি উলিওৱাৰ সুযোগ অন্বেষণ কৰিব পাৰে। এই অনুষ্ঠানটোৱে ৰাছিয়াৰ গণ্যমান্য ব্যক্তি, ইণ্ডোলজিষ্ট, গান্ধীবাদী নেতা আৰু প্ৰবাসী ভাৰকীয় আৰু স্থানীয় লোকসকলক আকৰ্ষিত কৰি সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *