আয়ুৰ্বেদত বেলপাতক ঔষধি গুণেৰে সমৃদ্ধ বুলি কোৱা হয়। কেৱল ধৰ্মীয়ভাৱে ভগৱান শিৱৰ ওচৰত অৰ্পণ কৰাই নহয়, ইয়াত থকা ঔষধি গুণ শৰীৰৰ বাবে অলৌকিক হিচাপে পৰিচিত। খালী পেটত বিশেষকৈ ৰাতিপুৱা বেলপাত চোবাই খোৱাটো অতি উপকাৰী হ’ব পাৰে ।বেলপাতৰ বিভিন্ন উপকাৰিতা আছে, যেনে চকুৰ সমস্যা, হৃদৰোগ, আৰু অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে। ইয়াৰ উপৰিও, জ্বৰ, মূৰৰ বিষ, আৰু বাৰ্দ্ধক্যৰ লক্ষণসমূহ কমাবলৈও বেলপাত ব্যৱহাৰ কৰা হয়।
খালী পেটত বেলৰ পাত চোবাই খোৱাৰ উপকাৰিতা
বেল পাতত থকা আঁহ আৰু প্ৰদাহ নিবাৰণকাৰী গুণে হজম শক্তি উন্নত কৰে। ইয়াৰ দ্বাৰা গেছ, কোষ্ঠকাঠিন্য, বদহজম, পেটৰ বিষ আদি সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াৰ উপৰিও লিভাৰ সক্ৰিয় কৰে, যাৰ ফলত হজম শক্তি ভাল হোৱাত সহায় কৰে। বেল পাতত থকা আঁহ আৰু প্ৰদাহ নিবাৰণকাৰী গুণে হজম শক্তি উন্নত কৰে। ইয়াৰ দ্বাৰা গেছ, কোষ্ঠকাঠিন্য, বদহজম, পেটৰ বিষ আদি সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াৰ উপৰিও লিভাৰ সক্ৰিয় কৰে, যাৰ ফলত হজম শক্তি ভাল হোৱাত সহায় কৰে।সন্নিপাত জ্বৰত বেলপাত পিহি কপালত ভৰণ দিলে জ্বৰ কমে। লগতে, নিউমোনিয়া, বাত বিষ আৰু বুকুৰ বিষত বেলপাতৰ ৰস সেৱন কৰিব পাৰি।বাহি মুখত বেল পাত চোবাই খালে মুখৰ বেক্টেৰিয়া, মুখৰ দুৰ্গন্ধ নাইকীয়া হয়। ইয়াৰ উপৰিও দাঁতৰ আলু, আলচাৰ, দাঁতৰ সমস্যাৰ পৰাও সকাহ দিয়ে।বেলপাতে শৰীৰৰকভিতৰৰ পৰা বিষমুক্ত কৰে। ইয়াৰ ফলত ছালত জিলিকি উঠে আৰু চুলি সৰা কমি যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *