প্ৰাণ ৰক্ষা কৰি বাংলাদেশৰ পৰা সু-কলমে স্বগৃহত উপস্থিত হ’লহি শিৱসাগৰ জেঙনিকটীয়াৰ চিকিৎসা বিজ্ঞানৰ এজন বিশেষ ছাত্ৰ। ভয়াবহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙনীকটীয়াৰ ৰফিক আলি আৰু য়াছমিন বেগমৰ পুত্ৰ আব্বাছ আলি।বাংলাদেশৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত চাব্বাছ আলিয়ে আন ১৩ গৰাকী ভাৰতীয়ৰ সৈতে কথমপি প্ৰাণ ৰক্ষা কৰি সুকলমে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হৈছে। আব্বাছ থকা বাংলাদেশৰ হোষ্টেলটো হৈছিল আক্ৰমণ। বিমান বন্দৰলৈ গোপনে অহাৰ পথটো হৈছিল ভয়ানক আক্ৰমণ। ভাঙি দিয়া হৈছিল চাব্বাছ আলিহঁত উঠি অহা গাড়ী। চকুৰ সন্মুখতে বিদ্ৰোহীয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ। স্বগৃহলৈ আহি এই শিহৰনকাৰী বৰ্ণনা দিছে শিৱসাগৰৰ ছাত্ৰজনে Share this:FacebookX Related Post navigation ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ বাজেটত শিক্ষা, নিযুক্তি আৰু দক্ষতা বিকাশৰ ওপৰত বিশেষ গুৰুত্ব