প্রতিযোগিতাৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ অপমানৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়ান দলটোৱে শুকুৰবাৰে টি-২০ বিশ্বকাপৰ অন্তিমখন লীগ মেচত ওমানক ৯ উইকেটত বিদায় লয়। জিম্বাবুৱে আৰু শ্ৰীলংকাৰ হাতত পৰাজয়ৰ পাছত গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈছিল অষ্ট্ৰেলিয়া। প্ৰতিপত্তিৰ বাবে খেলি অষ্ট্ৰেলিয়াৰ দলটোৱে এই আনুষ্ঠানিক মেচখনত মাত্ৰ ১৬.২ অভাৰত ১০৪ ৰান সংগ্ৰহ কৰি ওমানক অলআউট কৰে। লেগ স্পিনাৰ এডাম জাম্পাই ৪টা উইকেট দখল কৰে। ইয়াৰ উত্তৰত অধিনায়ক মিচেল মাৰ্ছে ৩৩ বলত অপৰাজিত ৬৪ ৰান আৰু ট্ৰেভিছ হেডৰ ১৯ বলত ৩২ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াই ৯.৪ অভাৰত জয়লাভ কৰাত সহায় কৰে। ১০০ ৰানৰ ওপৰত লক্ষ্য অনুসৰণ কৰি এই প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ দ্ৰুততম জয় লাভ কৰে। মাৰ্ছে নিজৰ ইনিংছত ৭টা চাৰি আৰু চাৰিটা ছয়ৰ বিপৰীতে হেডে ৬টা চাৰিটা অৰ্জন কৰে। দুয়োৰে মাজত ৯৩ ৰানৰ অংশীদাৰিত্ব আছিল। ইয়াৰ পূৰ্বে জাম্পাৰ চাৰিটা উইকেটৰ সহায়ত অষ্ট্ৰেলিয়াই ওমানক ১০৪ ৰানত আউট কৰে। জাম্পাই ২১ ৰানত ৪টা উইকেট দখল কৰাৰ বিপৰীতে জেভিয়াৰ বাৰ্টলেট আৰু গ্লেন মেক্সৱেলে দুটাকৈ উইকেট দখল কৰে। ১৬.২ অভাৰত অল আউট হৈছিল ওমান। ওমানৰ হৈ ৱাছিম আলীয়ে ৩৩টা বলত ৩২ ৰান সংগ্ৰহ কৰে। Share this:FacebookX Related Post navigation স্মৃতি মান্ধনাক বিবিচিৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটাৰে সন্মানিত ৰাণীৰ কাষৰীয়া পাথাৰখামাত প্ৰথম নকআউট ফুটবল প্ৰতিযোগিতাৰ আয়োজন