মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। এই বস্ত্ৰখনৰ কিছু অংশ এতিয়া ইউৰোপ, লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাৱনী বস্ত্ৰ অসমলৈ ঘূৰাই অনাৰ বাবে এতিয়া অসম চৰকাৰে কৰিছে বিশেষ প্ৰচেষ্টা।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাৱনী বস্ত্ৰ। এই বস্ত্ৰ অসমলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। কিন্তু আপুনি জানেনে এই বৃন্দাৱনী বস্ত্ৰ কি?এই দীঘল বস্ত্ৰখনৰ বাবে ১২ ভাৰ সূতা সূতাৰ আৱশ্যক হৈছিল। তাঁতীকুছিৰ গোপাল তাঁতী বা মথুৰাদাস বুঢ়া আতাৰ পেহাক ৰাম লাৰুৱাৰ বাৰীতে আহল-বহল ঘৰ সাজি এই বস্ত্ৰখন বোৱা হৈছিল। বস্ত্ৰখনৰ দৈৰ্ঘ্য ৰখা হৈছিল ছয়কুৰি হাত আৰু প্ৰস্থ তিনিকুৰি হাত অৰ্থাৎ (দীঘ ১২০ হাত আৰু প্ৰস্থ ৬০ হাত)। জগন্নাথ আতৈয়ে বস্ত্ৰখনি বৃন্দাবনৰ প্ৰখ্যাত ’বাৰ বন’ৰ আৰ্হিত কৰা বুলি উল্লেখ কৰে।জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিয়াইছিল এই বস্ত্ৰখন। য’ত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা হৈছিল। ১৬ শ শতিকাত অসমীয়া শিপিনিসকলে, শংকৰদেৱ আৰু মাধৱদেৱৰ তত্ত্বাৱধানত, পাটকাপোৰত ভাগৱত বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালক আখ্যান বিলাক ফুল বাছি চিত্ৰিত কৰিছিল Share this:FacebookX Related Post navigation ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ ৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে