ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ পুত্ৰ অমিত যোগীক এক ২৩ বছৰ পুৰণি হত্যাৰ গোচৰত শুকুৰবাৰে দোষী সাব্যস্ত কৰে উচ্চ ন্যায়ালয়ে। ২০০৩ চনত নেচনেল কংগ্ৰেছ পাৰ্টিৰ নেতা ৰাম অৱতাৰ জগ্গীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। আদালতৰ এই কঠোৰ নিৰ্দেশৰ পাছত অহা তিনি সপ্তাহৰ ভিতৰত যোগীক আত্মসমৰ্পণ কৰিবলৈ সময় দিয়া হৈছে। নিম্ন আদালতে পূৰ্বে অমিত যোগীক এই গোচৰৰ পৰা দোষমুক্ত কৰিছিল যদিও চিবিআইৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে পুনৰ শুনানি আৰম্ভ কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মুখ্য ন্যায়াধীশ ৰমেশ সিনহা আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰ বাৰ্মাৰ বিচাৰপীঠে পুৰণি ৰায় খাৰিজ কৰি এই নতুন ৰায় ঘোষণা কৰে। বিৰোধী দলৰ এজন সদস্যক হত্যা কৰাৰ অভিযোগক ন্যায়ালয়ে অত্যন্ত গুৰুতৰ বুলি অভিহিত কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অমিত যোগীয়ে ইয়াক ‘অন্যায়’ বুলি অভিহিত কৰে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি তেওঁ কয়, “মোক শুনানিৰ কোনো সুযোগ নিদিয়াকৈয়ে উচ্চ ন্যায়ালয়ে মাত্ৰ ৪০ মিনিটৰ ভিতৰত চিবিআইৰ আবেদন গ্ৰহণ কৰি দোষী সাব্যস্ত কৰিলে। যিজন ব্যক্তিক আদালতে পূৰ্বে নিৰ্দোষী সাব্যস্ত কৰিছিল, তেওঁৰ পক্ষ নুশুনাকৈয়ে এনে ৰায় দিয়াটো অভূতপূৰ্ব।” নিজৰ ন্যায়িক যুঁজ অব্যাহত ৰখাৰ কথা ঘোষণা কৰি যোগীয়ে লগতে কয় যে তেওঁ অতি সোনকালে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব। ন্যায় ব্যৱস্থাৰ ওপৰত এতিয়াও সম্পূৰ্ণ বিশ্বাস থকা বুলি উল্লেখ কৰি তেওঁ কয় যে অৱশেষত সত্যৰ জয় হ’বই। ইফালে ২৩ বছৰীয়া এই হাই-প্ৰফাইল হত্যাৰ গোচৰৰ নতুন মোৰক লৈ ছত্তীশগড়ৰ ৰাজনীতিত এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation আপৰ পৰা অপসাৰণৰ পাছত ৰাঘৱ চাড্ডাৰ কটাক্ষ; “মই নোহোৱা নহ’ম” স্কোডা অটো ইণ্ডিয়াৰ সৰ্বাধিক ত্রিমাসিক বিক্ৰীৰে অভিলেখ