ভাৰতীয় ক্ৰিকেট দলৰ উদীয়মান তাৰকা ৰিংকু সিঙৰ পিতৃ খাচান্দৰ সিঙৰ শুকুৰবাৰে পুৱা দেহাৱসান ঘটে। লিভাৰ কেন্সাৰৰ চতুৰ্থ পৰ্যায়ত আক্ৰান্ত হৈ থকা খাচান্দৰ সিঙে গ্ৰেটাৰ নয়ডাৰ যথার্থ হাস্পতালত অন্তিম উশাহ লয়। যোৱা কেইবাদিনো ধৰি তেওঁ ভেন্টিলেটৰত আছিল আৰু চিকিৎসকে তেওঁৰ স্বাস্থ্য সুস্থিৰ কৰিবলৈ নেৰানেপেৰা চেষ্টা চলাইছিল যদিও অৱশেষত সকলোকে কন্দুৱাই তেওঁ ইহলীলা সম্বৰণ কৰে।

টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ সৈতে থকাৰ মাজতে পিতৃৰ বিয়োগৰ খবৰ লাভ কৰি মৰ্মাহত হৈ পৰিছে ২৮ বছৰীয়া খেলুৱৈগৰাকী। জিম্বাবৱেৰ বিৰুদ্ধে ছুপাৰ ৮ মেচৰ পূৰ্বে পিতৃৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁ এবাৰ ঘৰলৈ গৈছিল যদিও পৰৱৰ্তী সময়ত চেন্নাইত দলৰ সৈতে যোগদান কৰিছিল। পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে তেওঁ পুনৰ দলৰ শিবিৰ ত্যাগ কৰি আলিগড়ৰ বাসগৃহলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।

এই মৰ্মান্তিক ঘটনাৰ পাছতে চলিত বিশ্বকাপত ৰিংকু সিঙৰ অংশগ্ৰহণক লৈ অনিশ্চয়তাই দেখা দিছে। বৰ্তমানলৈকে তেওঁ প্ৰতিযোগিতাখনৰ ৫ খন মেচত অংশ লৈ ২৪ ৰাণ সংগ্ৰহ কৰিছে। কলকাতাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ মেচখনত তেওঁ খেলিব নে নাই, সেই সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড বা দলীয় ব্যৱস্থাপনা সমিতিয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

ব্যক্তিগত জীৱনত অহা এই চৰম দুখৰ সময়ত টীম ইণ্ডিয়াৰ প্ৰতিগৰাকী সদস্যই তেওঁৰ কাষত থিয় দিছে। খাচান্দৰ সিঙৰ অসুস্থতাৰ বাবে জিম্বাবৱেৰ বিৰুদ্ধে খেলা একাদশৰ পৰা তেওঁক বিশ্ৰাম দিয়া হৈছিল যদিও এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বই এই দুৰ্ভগীয়া খেলুৱৈগৰাকীলৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *