নিজা দেশৰ ভূখণ্ডতে পুনৰ বৰ্ণবৈষম্যৰ বলি হ’বলগীয়া হ’ল উত্তৰ-পূবৰ এদল শিল্পী। বিহাৰৰ পাটনাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা অৰুণাচল প্ৰদেশৰ এটা নৃত্য দলক ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰাৰ বিনিময়ত তেওঁলোক যে ভাৰতীয়, তাৰ প্ৰমাণ দিবলৈ বাধ্য কৰোৱা হয়। যোৱা ২ এপ্ৰিলত পাটনাৰ এখন চিকিৎসালয়ত সংঘটিত এই লজ্জাজনক ঘটনাৰ এটা ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত বিয়পি পৰিছে। য’ত এগৰাকী চিকিৎসালয় কৰ্মীয়ে উত্তৰ-পূবৰ যুৱতীকেইগৰাকীক ‘চিংকী’ আৰু ‘চাইনিজ’ বুলি উপহাস কৰা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোত দেখা অনুসৰি, বেইজ ৰঙৰ ইউনিফৰ্ম পৰিহিত এগৰাকী চিকিৎসালয় পৰিচাৰিকাই নৃত্য দলটোক ৰাজহুৱা শৌচালয় ব্যৱহাৰত বাধা প্ৰদান কৰে। কেৱল সেয়াই নহয়, তেওঁলোকৰ পৰা পৰিচয় পত্ৰও বিচাৰে। যেতিয়া যুৱতীকেইগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে, তেতিয়া মহিলাগৰাকীয়ে তেওঁলোকক ‘মোমো’ আৰু ‘চাইনীজ’ বুলি কৈ হাঁহিবলৈ ধৰে। দলটোৰ এগৰাকী মহিলাই সমগ্ৰ ঘটনাটো মোবাইলত আৱদ্ধ কৰে। ভিডিঅ’টোত যুৱতীগৰাকীৰ কণ্ঠত ক্ষোভ আৰু ভাগৰ স্পষ্টকৈ ফুটি উঠিছে- “আমি উত্তৰ-পূবৰ পৰা ঘূৰিবলৈ আহোঁ, কিন্তু এনে এটা-দুটা ঘটনাই আমাক শংকিত কৰি তোলে।” এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে। ছচিয়েল মিডিয়াত নেটিজেনসকলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু বিহাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি বা এজাহাৰ দাখিল হোৱা নাই। আনকি একাংশই ইয়াক চিকিৎসালয়ৰ নীতি বুলি বচাব বিচাৰিছে যদিও সৰহসংখ্যক লোকেই ইয়াক গৰিহণা দিছে। Share this:FacebookX Related Post navigation প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰদান কৰিব বুলি আন্তঃৰাষ্ট্ৰীয় উত্তেজনা বৃদ্ধি; ট্ৰাম্পৰ মন্তব্যৰ জবাবত ইৰানৰ কঠোৰ হুঁশিয়াৰী