উত্তৰ-পূবৰ যাতায়াত ব্যৱস্থাই লাভ কৰিলে এক নতুন গতি। অৰুণাচল প্ৰদেশৰ সৈতে অসমৰ ৰেল যোগাযোগ অধিক সুদৃঢ় কৰি মুৰ্কংচেলেকৰ পৰা চিল্লেলৈ নিৰ্মাণ কৰা ১৫.৭০ কিলোমিটাৰ নতুন পথত ৰেল চলাচলৰ অনুমতি প্ৰদান কৰে ৰেল সুৰক্ষা আয়ুক্তই। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা আয়ুক্ত সুমিত সিংঘালে সফল পৰীক্ষণৰ অন্তত এই সেউজ সংকেত প্ৰদান কৰে।

এতিয়াৰে পৰা এই নৱনিৰ্মিত পথছোৱাত ৰেলসমূহ প্ৰতি ঘণ্টাত সৰ্বাধিক ১১০ কিলোমিটাৰ বেগত চলিব পাৰিব। মুৰ্কংচেলেকৰ পৰা পাছিঘাটলৈ নিৰ্মাণ হৈ থকা ২৬.১৫ কিলোমিটাৰ দীঘল ৰেল প্ৰকল্পৰ এয়া এক গুৰুত্বপূৰ্ণ সফলতা। ইয়াৰ ফলত অৰুণাচলৰ দুৰ্গম অঞ্চলসমূহ দেশৰ বাকী অংশৰ সৈতে অতি সহজে সংযুক্ত হ’ব।

প্ৰকল্পটোৰ অধীনত চিল্লে, লাবো আৰু পাছিঘাট নামৰ তিনিটা আধুনিক ষ্টেচনৰ লগতে ২৭ খন ডাঙৰ দলং নিৰ্মাণ কৰা হৈছে। সমগ্ৰ কাম সম্পূৰ্ণ হ’লে বগীবিল দলঙৰ জৰিয়তে যাত্ৰী আৰু মালবাহী ৰেলৰ যাতায়াত বহু পৰিমাণে বৃদ্ধি পাব। ইয়াৰ ফলত যাত্ৰাৰ সময় আৰু খৰচ দুয়োটাই হ্ৰাস পাব বুলি ৰেল কৰ্তৃপক্ষই জানিবলৈ দিছে।

এই নতুন ৰেল নেটৱৰ্কে বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলৰ অৰ্থনৈতিক দৃশ্যপট সলনি কৰিব। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান সুচল হোৱাৰ লগতে ৰঙিয়া আৰু মুৰ্কংচেলেকৰ দৰে ব্যৱসায়িক কেন্দ্ৰসমূহৰ সৈতে পাছিঘাটৰ প্ৰত্যক্ষ সংযোগ স্থাপন হ’ব। ৰেল বিভাগৰ এই পদক্ষেপে ৰাজ্য দুখনৰ মাজত যোগাযোগৰ এক নতুন যুগৰ সূচনা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *