মণিপুৰৰ সেনাপতি জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত পৰে দুই যুৱক। বৃহস্পতিবাৰে সেনাপতি আৰক্ষী থানাৰ অন্তৰ্গত টি খুলেন নাকা চেক পইণ্টত তালাচী চলাই নিৰাপত্তাৰক্ষীয়ে এজনীয়া এখন বাহনৰ পৰা প্ৰায় ৬৬০ গ্ৰাম ওজনৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল।

আৰক্ষীয়ে আটক কৰা অভিযুক্ত দুই যুৱকক ক্ৰমে ৰহিছ খান (২২) আৰু মুস্তাকিম আহমদ (২৩) বুলি চিনাক্ত কৰা হৈছে। দুয়োৰে ঘৰ কাকচিং জিলাৰ ইৰং চেচাবা মায়াই লৈকাই অঞ্চলত বুলি জানিব পৰা গৈছে। জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনি ৪৮ টা চাবোনৰ বাকচত ভৰাই অত্যন্ত গোপনীয়ভাৱে বাহনখনৰ ভিতৰত লুকুৱাই নিয়া হৈছিল।

অভিযানকাৰী দলে ড্ৰাগছখিনিৰ লগতে AS01AP0631 পঞ্জীয়ন নম্বৰৰ আই-২০ গাড়ীখনো জব্দ কৰিছে। ইয়াৰ উপৰি অভিযুক্তদ্বয়ৰ পৰা দুটা ম’বাইল ফোন আৰু দুখন আধাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে।

বৰ্তমান সেনাপতি আৰক্ষীয়ে দুয়োৰে বিৰুদ্ধে এটা গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। এই ড্ৰাগছৰ উৎস কি আছিল আৰু এইবোৰ ক’লৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল, সেই সন্দৰ্ভত তদন্ত চলি আছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে চলি থকা ‘ৱাৰ অন ড্ৰাগছ’ অভিযানৰ অংশ হিচাপে সেনাপতি আৰক্ষীয়ে সীমান্তৱৰ্তী পথসমূহত অধিক সক্ৰিয়তা প্ৰদৰ্শন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *