বিগত এটা দশকত ৩৩ টা নিষ্পাপ শিশুক চলোৱা পৈশাচিক যৌন নিৰ্যাতনৰ অপৰাধত চৰম শাস্তি বিহা হ’ল প্ৰাক্তন অভিযন্তা দম্পতীক। উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ এখন পকচো আদালতে শুকুৰবাৰে ঘোষণা কৰা এই ঐতিহাসিক ৰায়দানত জঘন্য অপৰাধত লিপ্ত ৰাম ভৱন আৰু দুৰ্গাবতীক ফাঁচীৰ শাস্তি প্ৰদান কৰে। অতিৰিক্ত জিলা ন্যায়াধীশ পি কে মিশ্ৰই এই কাণ্ডক ‘বিৰলৰো অতি বিৰল’ আখ্যা দি ন্যায়ৰ স্বাৰ্থত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অভিযুক্ত দম্পতীয়ে ২০১০ চনৰ পৰা ২০২০ চনলৈ বান্দা আৰু চিত্ৰকূট জিলাত সক্ৰিয় হৈ আছিল। তেওঁলোকে সৰু ল’ৰাবোৰক অনলাইন ভিডিঅ’ গেম আৰু উপহাৰৰ প্ৰলোভনেৰে নিজৰ জালত পেলাইছিল। নিৰ্যাতনৰ বলি হোৱা শিশুসকলৰ মাজত তিনি বছৰীয়া কণমানিও আছিল। এই জঘন্য নিৰ্যাতনৰ দৃশ্যসমূহ তেওঁলোকে ডার্ক ৱেবৰ জৰিয়তে বিশ্বৰ ৪৭ খন দেশৰ গ্ৰাহকক বিক্ৰী কৰি আহিছিল।

২০২০ চনত ইণ্টাৰপোলৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতহে চিবিআইয়ে এই সমগ্ৰ ৰেকেটটো উৎখাত কৰিবলৈ সক্ষম হয়। আদালতৰ ৰায়দানত উল্লেখ কৰা হৈছে যে অপৰাধীৰ নৈতিক স্খলন ইমানেই ভয়াৱহ আছিল যে তেওঁলোকক সংশোধনৰ কোনো থল নাই। সেয়ে সমাজৰ বাবে এক শক্তিশালী উদাহৰণ হিচাপে এই চৰম শাস্তিৰ প্ৰয়োজনীয়তা আছে বুলি ন্যায়াধীশে মন্তব্য কৰে।

আদালতে ৰাজ্য চৰকাৰক প্ৰতিগৰাকী পীড়িত শিশুক ১০ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ দিবলৈকো নিৰ্দেশ দিছে। নিৰ্যাতনৰ বলি হোৱা শিশুসকল আজিও চৰম মানসিক ট্ৰমাৰ মাজত দিন কটাইছে বুলি চিবিআইৰ তদন্তত পোহৰলৈ আহিছিল। এই ৰায়দানৰ পাছত এতিয়া সমগ্ৰ দেশজুৰি শিশু সুৰক্ষাৰ বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *