ভাৰতীয় পুৰুষ হকী দলৰ বাবে ২০২৫ বৰ্ষটো স্মৰণীয় বৰ্ষ আছিল। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা হিৰো এছিয়া কাপ ২০২৫ত জয়লাভ কৰি ভাৰতীয় দলটোৱে ৮ বছৰৰ পাছত খিতাপ অৰ্জন কৰাই নহয় এছিয়াৰ এক নম্বৰ দল হিচাপেও নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিছে। এই জয়ৰ জৰিয়তে দলটোৱে এফ আই এইচ পুৰুষ হকী বিশ্বকাপ ২০২৬ৰ বাবেও প্ৰত্যক্ষ অৰ্হতা নিশ্চিত কৰে। প্ৰশিক্ষক ক্ৰেগ ফুলটনৰ নিৰ্দেশনাত ভাৰতীয় দলটোৱে এছিয়া কাপত কোৰিয়া, চীন, মালয়েছিয়া আদি শক্তিশালী দলক পৰাস্ত কৰি নিজৰ আধিপত্য প্ৰদৰ্শন কৰে। এই খিতাপ জয় ২০২৫ চনৰ অন্যতম ডাঙৰ কৃতিত্ব আছিল। প্ৰ’ লীগ আৰু এইচ আই এলৰত জয়লাভ ভাৰতৰ বাবে বছৰটো ইতিবাচক ৰূপত আৰম্ভ হৈছিল। এফ আই এইচ প্ৰ’ লীগৰ ঘৰুৱা লেগত দলটোৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। ইয়াৰ ঠিক আগতে ছিনিয়ৰ দলত প্ৰৱেশ কৰিবলৈ সংগ্ৰাম কৰি থকা কিছুমান খেলুৱৈয়ে হিৰো হকী ইণ্ডিয়া লীগ (এইচ আই এল)ত ভাল প্ৰদৰ্শন আগবঢ়াইছিল। ভুৱনেশ্বৰত আৰম্ভ হোৱা প্ৰ’ লীগ পৰ্যায়ত অধিনায়ক হৰমনপ্ৰীত সিঙৰ নেতৃত্বত স্পেইন, জাৰ্মানী, আয়াৰলেণ্ড, ইংলেণ্ডৰ বিৰুদ্ধে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়। দীঘলীয়া আৰু প্ৰতিযোগিতামূলক এইচ আই এল ছিজনৰ বাবেই দলটোৱে আঠখন মেচৰ ভিতৰত পাঁচখনত জয়লাভ কৰে। অৱশ্যে জুন মাহত প্ৰ’ লীগৰ ইউৰোপীয় লেগৰ সময়ত ভাৰতীয় দলটোৰ প্ৰদৰ্শন হতাশাজনক আছিল। অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড আৰু আৰ্জেণ্টিনাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱা দলটোৱে বেলজিয়ামৰ বিৰুদ্ধে মাত্ৰ এখন জয় লাভ কৰে। দলটোৱে বিশ্বকাপৰ বাৰ্থ নিশ্চিত কৰে। ভাৰতীয় হকী দলটোৱে এইবাৰ এছিয়া কাপত জয়লাভ কৰা আটাইতকৈ ডাঙৰ কৃতিত্ব আছিল, য’ত ৮ বছৰৰ পাছত খিতাপ দখল কৰি অহা বছৰ নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ বিশ্বকাপৰ বাবে বাৰ্থ নিশ্চিত কৰিছিল। সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰিছিল। ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি ট্ৰফী লাভ কৰে। খিতাপৰ খেলখনত দিলপ্ৰীত সিং, সুখজীত সিং, আৰু অমিত ৰোহিদাসে গ’ল দিয়ে। চুলতান আজলান শ্বাহ কাপ ২০২৫ত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰে। য’ত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। হৰমনপ্ৰীত সিং, মনপ্ৰীত সিং, হাৰ্দিক সিংকে ধৰি তেওঁলোকৰ প্ৰায়বোৰ তাৰকা খেলুৱৈক জিৰণি দিয়াৰ পিছতো দলটোৱে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। যদিও বেলজিয়ামৰ হাতত ০-১ৰ সংকীৰ্ণ ব্যৱধানত খিতাপ হেৰুৱাইছিল, তথাপিও কোৰিয়া, মালয়েছিয়া, নিউজিলেণ্ড, কানাডাক পতিয়ন যোগ্যভাৱে পৰাস্ত কৰিছিল। হকী ইণ্ডিয়াই জাৰি কৰা এক বিবৃতিত দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে কয় যে এছিয়া কাপত জয়ী হোৱাটো ভাৰতীয় দলৰ বাবে এক ডাঙৰ কৃতিত্ব আছিল, কিন্তু মই বিশ্বাস কৰোঁ যে আজলান শ্বাহ কাপৰ প্ৰদৰ্শন বছৰৰ অন্যতম ডাঙৰ কৃতিত্ব আছিল। বহু গুৰুত্বপূৰ্ণ খেলুৱৈক জিৰণি লোৱাৰ পিছতো দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। ইয়াৰ দ্বাৰা ২০২৬ চনৰ ব্যস্ত বছৰটোৰ বাবে আমাক শক্তিশালী কৰি তুলিছে। গেমছ আৰু বিশ্বকাপৰ ওচৰত এতিয়া আমাৰ হাতত দলীয় সংমিশ্ৰণৰ বাবে কেইবাটাও বিকল্প আছে।২০২৬ চনৰ দিশত এক শক্তিশালী পদক্ষেপ সামগ্ৰিকভাৱে ২০২৫ চনটো আছিল ভাৰতীয় পুৰুষ হকী দলৰ বাবে আত্মবিশ্বাস, গভীৰতা আৰু ধাৰাবাহিকতাৰ বছৰ। এছিয়াত ১ নং স্থান, বিশ্বকাপৰ বাবে প্ৰত্যক্ষ অৰ্হতা, যুৱ খেলুৱৈৰ উত্থানে আগন্তুক বৃহৎ প্ৰতিযোগিতাসমূহৰ বাবে ভাৰতীয় হকী সম্পূৰ্ণৰূপে সাজু হোৱাৰ ইংগিত দিয়ে। Share this:FacebookX Related Post navigation ২০২৫ ত ভাৰতৰ পুৰুষ আৰু মহিলা ক্ৰিকেট দলৰ বিশ্বকাপত আধিপত্য বিস্তাৰ টি-২০ বিশ্বকাপক লৈ অষ্ট্ৰেলিয়াৰ দল ঘোষণা