সামাজিক মাধ্যমে শিশুসকলৰ ওপৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়ে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এতিয়াৰ পৰা ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ অভিভাৱকৰ সন্মতি ল’ব লাগিব। ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্ট (DPDP)ৰ নিয়মৰ বাবে খচৰা নিয়ম প্ৰকাশ কৰিছে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ।নতুন খচৰা অনুসৰি এতিয়াৰ পৰা ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট তৈয়াৰ কৰিবলৈ অভিভাৱকৰ সন্মতি ল’ব লাগিব। ফলত শিশুৰ সুৰক্ষা বাঢ়িব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত চৰকাৰে জনমত বিচাৰিছে আৰু ১৮ ফেব্ৰুৱাৰীৰ পিছত লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত। কিন্তু এই আইনত ২৫০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *