খাদ্য পলম হোৱা আৰু পৰ্যাপ্ত খাদ্য নোহোৱাৰ বাবেই বিৱাহস্থলী এৰিলে দৰাই৷ বিৱাহ ঠিক কৰা কইনাক এৰি আত্মীয়ৰ আন এগৰাকী যুৱতীৰ সৈতে বিৱাহপাশত আবদ্ধ হ’ল মেহতাব নামৰ যুৱকজন৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা৷ দৰাপক্ষৰ বিৰুদ্ধে ১,৬০,০০০ টকা যৌতুক লোৱাৰ অভিযোগ কইনাপক্ষৰ৷ উল্লেখ্য যে, দৰাপক্ষৰ আত্মীয়ই খাদ্য পলম হোৱা আৰু পৰ্যাপ্ত খাদ্য নোহোৱাৰ অভিযোগ আনিছিল আৰু ইয়াৰ পাছতেই বিৱাহস্থলী এৰিছিল দৰাপক্ষই৷

Leave a Reply

Your email address will not be published. Required fields are marked *