লখিমপুৰৰ নাৰায়ণপুৰত স্বাস্থ্য সেৱাৰ নামত চলিছে চূড়ান্ত ভেকোঁভাওনা। চিকিৎসক বিহীনভাবে চলিছে লখিমপুৰ জিলাৰ ভোলাবৰিস্থিত মহানন্দ বৰা ১০ খন বিচনাযুক্ত চিকিৎসালয়।বিগত তিনিমাহ ধৰি চিকিৎসালয়খনত ফাৰ্মাচীষ্টগৰাকীয়ে আগবঢ়াই আছে চিকিৎসা সেৱা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কুৰি খনৰো অধিক গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰষা চিকিৎসালয় খন সম্প্ৰতি পৰিণত হৈছে ভালুকৰ সাঙীত।ইমানৰ পিছটো খবৰ নাই ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ।চিকিৎসালয়খনত কৰ্মৰত হৈ থকা ডা.নৱজিৎ বৰা নামৰ চিকিৎসক গৰাকী উচ্চ শিক্ষা গ্ৰহণৰ বাবে যাব লগা হোৱাত বিগত তিনিমাহৰ পূৰ্বে চিকিৎসালয় খনৰ পৰা অব্যাহতি লৈছিল।আৰু সেই দিন ধৰি চিকিৎসক বিহীনভাবে চলি আছে চিকিৎসালয়খন।বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ জনোৱাৰ পিছতো কোনো সুফল লাভ নকৰাত অবশেষত সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিয়োগ কৰিবৰ বাবে আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে। Share this:FacebookX Related Post navigation ভি ব্যৱসায় অধ্যয়ন: ডিজিটেল ৰূপান্তৰৰ বাবে এমএছএমইবোৰ সাজু টিভিৰ এগৰাকী অভিনেত্ৰী স্তন কেন্সাৰত আক্ৰান্ত