বৰপেটা জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। এনে এক অভিযানত আজি হাউলী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ এজন ড্ৰাগছ মাফিয়া।বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হাউলীৰ ৰাস মন্দিৰৰ ওচৰত এক অভিযান চলাই সন্দেহযুক্ত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হৈছে।ধৃত কুখ্যাত ড্ৰাগছ মাফিয়াটো হৈছে আদম বজাৰৰ হানিফ আলীৰ পুত্ৰ ৰফিকুল ইছলাম ।আৰক্ষীয়ে অভিযানকালত সন্দেহযুক্ত হেৰ’ইন ভৰ্তি প্লাষ্টিকৰ ২৪ টা কণ্টেইনাৰ জব্দ কৰে। জব্দ কৰা কণ্টেইনাৰত ২.৪১ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আছে বুলি জানিব পৰা গৈছে। Share this:FacebookX Related Post navigation পুনৰ অসম আৰক্ষীক অপেন চেলেঞ্জ দেশৰ মহিলা উদ্যোগীসকলক সৱলীকৰণৰ বাবে এভন ইণ্ডিয়াই আৰম্ভ কৰিছে “আই এম শক্তি” অভিযান